NORTHEAST NOW (Assamese)
অসম

কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ পুনৰ্নিৰ্মিত ভৱন উদ্বোধন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2022 8:09 pm
Cotton University

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ নতুনকৈ পুনৰনিৰ্মাণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসটো শুকুৰবাৰে উদ্বোধন কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে নতুন ভৱনটো উদ্বোধন কৰে৷

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতা, ডীন, অধ্যাপকবৃন্দ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।

১২৬ খন আসনযুক্ত এই হোষ্টেলত ডাবল আৰু ট্ৰিপল শ্বেয়াৰিং ভিত্তিত ৬০ টা কোঠা আছে। নৱনিৰ্মিত এই ভৱনটো ৬ মহলীয়া আৰু আবাসীসকলৰ বাবে আধুনিক সুবিধাৰে সজ্জিত।

হোষ্টেলৰ শীৰ্ষ দুটা মহলা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে আৰু বাকী মহলাকেইটাত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে পূৰ্বৰ কটন কলেজৰ ২য় মেছ নামেৰে জনাজাত এই হোষ্টেলটো ১৯১৩ চনত ব্ৰিটিছ শাসনৰ সময়ত তেতিয়াৰ কলেজ কৰ্তৃপক্ষই নিৰ্মাণ কৰিছিল।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটো পুনৰনিৰ্মাণ কৰা পদক্ষেপক আদৰণি জনাইছে কটন পৰিয়ালে। লক্ষ্যণীয়ভাৱে বিশ্বব্যাপী ক’ভিদ ১৯ মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰনিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠে৷