NORTHEAST NOW (Assamese)
অসম

নতুন বিপদৰ সংকেত! সাধাৰণ জ্বৰ বুলি ভুল নকৰিব, বৃক্ক আৰু হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে হান্টাভাইৰাছে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2026 9:43 am

সাগৰৰ নীলা পানীত এক ৰোমাঞ্চকৰ অভিযানৰ সপোন লৈ যাত্ৰা আৰম্ভ কৰিছিল বিলাসী ক্ৰুজ জাহাজ ‘এম ভি হোণ্ডিয়াছ’। কিন্তু সেই সপোন এতিয়া দুঃস্বপ্নলৈ পৰিণত হৈছে। যোৱা দেওবাৰৰ পৰা আফ্ৰিকাৰ কেপ ভাৰ্ডে উপকূলৰ সমীপত সাগৰৰ মাজত আবদ্ধ হৈ থকা জাহাজখন অৱশেষত বুধবাৰে স্পেইনৰ টেনেৰিফলৈ ৰাওনা হয়।

অৱশ্যে এই যাত্ৰা আনন্দৰ নহয়, বৰঞ্চ মাৰাত্মক হান্টাভাইৰাছ আৰু তিনিটা নিথৰ মৃতদেহৰ সৈতে আতংকৰ যাত্ৰা। ১ এপ্ৰিলত আৰ্জেণ্টিনাৰ দক্ষিণ প্ৰান্তৰ পৰা যাত্ৰা আৰম্ভ কৰা ক্ৰুজ জাহাজখনত প্ৰায় ১৫০ জন যাত্ৰী আছিল, কিন্তু মাজপথতে আক্ৰমণ চলালে এই ৰহস্যজনক ভাইৰাছে।

বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে যে এই সংক্ৰমণৰ বাবে এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে— য’ত আছে ডাচ দম্পতী আৰু এজন জাৰ্মান নাগৰিক। তদুপৰি আৰু ৮ গৰাকী যাত্ৰী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ।

স্পেইনৰ স্বাস্থ্য মন্ত্ৰী মনিকা গাৰ্চিয়াই কয় যে অহা তিনিদিনৰ ভিতৰত জাহাজখন কেনেৰী দ্বীপপুঞ্জত উপস্থিত হ’ব। জাহাজখনত থকা ১৪ জন স্পেনিছ নাগৰিকক পোনপটীয়াকৈ মাদ্ৰিদৰ এখন সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব। যিহেতু ভাইৰাছৰ ইনকিউবেচন পিৰিয়ড প্ৰায় ৪৫ দিন, সেয়েহে দীৰ্ঘম্যাদী কোৱাৰেণ্টাইনত থাকিব লাগিব। আন যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত সুস্থ বুলি ধৰা পৰিলে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হ’ব।

হান্টাভাইৰাছত আক্ৰান্ত হ’লে আৰম্ভণি সাধাৰণ জ্বৰৰ দৰে। শৰীৰৰ সামান্য বিষ, হাত-ভৰি বিষ, ভাগৰ, মূৰৰ বিষ আদিও দেখা দিয়ে। বহুতে ভাবে যে তেওঁলোকৰ ঋতুভিত্তিক ভাইৰেল জ্বৰ বা ফ্লু হৈছে।

চিকিৎসকে সকীয়াই দিছে যে এই সাধাৰণ লক্ষণসমূহৰ আঁৰত ভয়ংকৰ হান্টাভাইৰাছ লুকাই থাকিব পাৰে। সময়মতে চিকিৎসা নকৰিলে বৃক্ক, হাওঁফাওঁ আৰু শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ সোনকালে বিকল হ’ব পাৰে।

হান্টাভাইৰাছ প্ৰধানকৈ এন্দুৰৰ দ্বাৰা বিয়পে। এন্দুৰৰ মল, প্ৰস্ৰাৱ, বা লালটিত এই ভাইৰাছ পোৱা যায়। পুৰণি ঘৰ, গুদাম, ষ্ট’ৰ ৰুম, বা ধূলিময় ঠাই চাফা কৰিলে এই ভাইৰাছ বতাহত সংক্ৰমিত হ’ব পাৰে। উশাহ-নিশাহৰ লগে লগে সেই প্ৰদূষিত বায়ু শৰীৰত প্ৰৱেশ কৰিলে সংক্ৰমণৰ আশংকা হয়। বিশেষকৈ য’ত নিগনিৰ প্ৰাদুৰ্ভাৱ বেছি হয় তাত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি সাধাৰণ। যেনে জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, দুৰ্বলতা, বমি, পেটৰ বিষ বা ডায়েৰিয়া, যাৰ বাবে বহুতে প্ৰথমতে বিষয়টোক গুৰুত্ব নিদিয়ে। কিন্তু কিছুদিনৰ ভিতৰতে এই ৰোগে বিপদজনক ৰূপ ল’ব পাৰে।

চিকিৎসকৰ মতে এই ভাইৰাছে শৰীৰৰ ৰক্তবাহী নলীত আক্ৰমণ কৰে। ফলত ৰক্তবাহী নলীৰ পৰা তৰল পদাৰ্থ লিক হৈ বৃক্ক আৰু হাওঁফাওঁৰ ওপৰত চাপ পৰে।

যদি বৃক্ক আক্ৰান্ত হয় তেন্তে প্ৰস্ৰাৱ কমি যাব পাৰে, শৰীৰ ফুলাৰ সম্ভাৱনা থাকে আৰু তেজত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। গুৰুতৰ ক্ষেত্ৰত বৃক্কই সম্পূৰ্ণ কাম বন্ধ কৰি দিব পাৰে। তাৰ পিছত ডায়েলাইছিছৰ প্ৰয়োজন হ’ব পাৰে।

অন্যহাতে হাওঁফাওঁত আক্ৰান্ত হ’লে উশাহ-নিশাহ লোৱাত অসুবিধা হয়। হাওঁফাওঁত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু ৰোগীয়ে সোনকালে সংকটজনক অৱস্থাত উপনীত হ’ব পাৰে। বহু ক্ষেত্ৰত আই চি ইউত ভৰ্তি হ’বলগীয়া হয়।

আটাইতকৈ চিন্তনীয় কথাটো হ’ল এই ভাইৰাছৰ বাবে এতিয়াও কোনো নিৰ্দিষ্ট ঔষধ বা ভেকচিন নাই। সেয়ে শীঘ্ৰে ৰোগ নিৰ্ণয় কৰি সময়মতে চিকিৎসা আৰম্ভ কৰিব লাগে।

ৰোগীৰ অক্সিজেন, তৰল পদাৰ্থ, বৃক্কৰ কাৰ্য্যক্ষমতাৰ ওপৰত নিয়মিতভাৱে নিৰীক্ষণ কৰা হয়। বিশেষজ্ঞসকলে কয় যে ঘৰ বা ষ্ট’ৰ ৰুম চাফা কৰাৰ সময়ত মাস্ক আৰু গ্ল’ভছ ব্যৱহাৰ কৰিব লাগে। যদি ধূলি উৰি আছে তেন্তে পোনপটীয়াকৈ চাফা কৰাতকৈ প্ৰথমে বীজাণুনাশক স্প্ৰে কৰা ভাল। ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আৰু নিগনিৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাটোও অতি প্ৰয়োজনীয়।