NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী পৌৰ নিগমে মুকলিতে পেলায় ১২ লাখ জনতাৰ শৌচ!

Posted by: কল্পজ্যোতি শইকীয়া, জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, জাহ্নৱী বৰুৱা,গুৱাহাটী March 23, 2022 8:03 pm

গুৱাহাটী পৌৰ নিগমৰ অবিবেচক কাণ্ডৰ বাবেই দীপৰ বিললৈ নামি আহিছে চৰম বিপৰ্যয়।

নৰ্থ ইষ্ট নাওৱে চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে গুৱাহাটী পৌৰ নিগমে কৰি অহা এটা ভয়ংকৰ কামৰ কথা। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ প্ৰকৃত নমুনা পোহৰলৈ আহিছে।

গুৱাহাটী পৌৰ নিগমৰ মল-মূত্ৰ কঢ়িওৱা বাহনে কিদৰে মানুহৰ মুকলি স্থানত মল-মুত্ৰ পেলাই আহিছে সেয়া নেদেখিলে বিশ্বাসেই কৰা টান।

গুৱাহাটী মহানগৰীৰ প্ৰায় ১২ লাখ জনতাই ত্যাগ কৰা মল পেলোৱা হয় মুকলি স্থানত।

মহানগৰবাসীৰ বহু শৌচালয়ৰ টেংকি পৰিপূৰ্ণ হ’লে গুৱাহাটী পৌৰ নিগমৰ বাহনকেইখনৰ জৰিয়তে চাফা কৰি লৈ অনা হয় মল-মূত্ৰসমূহ।

বন্যপ্ৰাণী আৰু পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব থকা দীপৰ বিলক ২০০২ চনতে ৰামচাৰ অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ৪০.১৪ বৰ্গ কি:মি: আগুৰি থকা এই দীপৰ বিললৈ কিছুমান কাৰকে এতিয়া চৰম বিপৰ্যয় নমাই আনিছে।

আপোনালোকে দীপৰ বিলৰ মাছ খায় নেকি?

নৰ্থ ইষ্ট নাওৱে চলোৱা এই অনুসন্ধানমূলক প্ৰতিবেদনৰ পাছত আপোনালোকে দীপৰ বিলৰ মাছ খাবলৈ হয়তো ঘিণ কৰিব পাৰে। পশ্চিম বৰাগাওঁ ডাম্পিঙ গ্ৰাউণ্ডৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে মানুহৰ মল মূত্ৰ কঢ়িয়াই অনা গুৱাহাটী পৌৰ নিগমৰ বাহনখনে পেলায় মানুহৰ মল মূত্ৰ সমূহ। মল-মূত্ৰ পেলাবলৈ তিনিটাকৈ টেংকি আছে যদিও এই বাহনখনে মুকলি স্থানতে পেলায় মানুহে ত্যাগ কৰা মল-মূত্ৰ। বেক্টেৰিয়াৰে ভৰপুৰ এই মল-মূত্ৰ বৈ গৈ দীপৰ বিলৰ পানীৰ সৈতে মিহলি হয়। ফলত দীপৰ বিলৰ পানী প্ৰদুষিত হোৱাৰ লগতে বিষক্ৰিয়াৰ ফলত বহু মাছো মৃত্যুমুখত পৰিছে। এনে বিষাক্ত মাছ যদি অজানিতে কোনো লোকে ভক্ষণ কৰে তেন্তে তেঁৱো বিভিন্ন বেমাৰ- আজাৰত আক্ৰান্ত হ’ব পাৰে।

ইপিনে, এই ডাম্পিঙ গ্ৰাউণ্ডত থকা মানুহৰ শৌচ জমা কৰা বৃহৎ আকাৰৰ তিনিটাকৈ টেংকি কি অৱস্থাত আছে সেয়া দেখিলেও বহুতৰে চকু থৰ লাগিব।

কেতিয়াবা এই টেংকিত মানুহৰ মল-মূত্ৰ পেলাই যদিও টেংকিত থকা বৃহৎ ফুটাৰে সেয়া পুনৰ বাহিৰলৈকে ওলাই আহে। বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হোৱা নাই এইকেইটা টেংকি। টেংকি কেইটাৰ বিভিন্ন স্থানত ফাঁট মেলাও দেখিবলৈ পোৱা গৈছে। অসুৰক্ষিত অৱস্থাত থকা এই টেংকিৰ পৰাই জনতাৰ জীৱনৰ লগতে ৰামচাৰ অঞ্চল হিচাপে পৰিচিত দীপৰ বিল আৰ্দ্ৰভূমিলৈ নামি আহিছে অশনি সংকেত।

ইপিনে, গুৱাহাটী পৌৰ নিগমৰ এনেবোৰ কাণ্ডৰ বিষয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য অৱগত নহয় বুলি আমাৰ সাংবাদিকক জনায়। লগতে যদিহে এনেধৰণৰ কাম গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীয়ে কৰি আহিছে তেনেহলে তেওঁ অতি সোনকালে এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ তথা বন বিভাগৰ সৈতে কথা পাতিব বুলি তেওঁ উল্লেখ কৰে।

সঁচাকৈয়ে এই বিষয়ে অৱগত নহয় নে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য?এই প্ৰশ্নৰ অৱতাৰণা এইবাবেই হৈছে…. কিয়নো ২০১৯ চনতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দীপৰ বিল বিষাক্ত জলাশয়লৈ ৰূপান্তৰিত হোৱা বুলি উল্লেখ কৰিছিল। লগতে দীপৰ বিলৰ মাছ খালে বেমাৰ হৈ মানুহৰ মৃত্যু হ’ব বুলি তেওঁ উল্লেখ কৰিছিল। আনকি দীপৰ বিলৰ পাৰত এঘন্টা ৰ’লেই মানুহৰ মৃত্যু নিশ্চিত বুলি তেওঁ দাবী কৰিছিল।

দীপৰ বিলৰ পানী প্ৰদূষিত হোৱাৰ মূল কাৰণ মুকলিতে পেলোৱা মানুহৰ মল-মূত্ৰ তথা পশ্চিম বৰাগাঁওৰ বৃহৎ জাৱৰৰ দ’ম নহয় নে? তেনেক্ষেত্ৰত বনমন্ত্ৰীগৰাকীয়ে এই বিষয়ত জ্ঞাত হৈয়ো অজ্ঞাত হৈ থকাৰ ভাও জুৰিছে কিয়?
এইখিনিতে উল্লেখ কৰিব লাগিব যে, এনেকুৱা এখন ছেফটি টেংক বাহনে প্ৰতিদিনে এবাৰত ৩০০ ঘনফুটকৈও অধিক মল মূত্ৰ সংগ্ৰহ কৰে। আৰু প্ৰতিদিনে ১০ বাৰ কৈ মল মূত্ৰ সমূহ দীপৰ বিলৰ কাষৰ উক্ত স্থানত পেলায়গৈ। অৰ্থাৎ ৩০০ কৈ হলে প্ৰতিদিনে ৩০০০ ঘনফুট হাজাৰতকৈও অধিক পৰিমাণৰ মল মূত্ৰ পেলায়গৈ দীপৰ বিলৰ কাষৰ উক্ত অঞ্চলত। গুৱাহাটী পৌৰ নিগমৰ অধীনত এনেধৰণৰ বাহন ৮ খন আছে যদিও বৰ্তমান ৫ খনহে কাৰ্য্যক্ষম হৈ আছে।

ইপিনে, আমি এই সন্দৰ্ভত যোগাযোগ কৰিছিলো গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত যানশালা বিভাগৰ সৈতে। যানশালা বিভাগৰ তত্বাবধায়কে আমাক জনোৱা অনুসৰি পশ্চিম বৰাগাঁওৰ ডাম্পিঙ গ্ৰাউণ্ডৰ সমীপত থকা চাৰিটাকৈ টেংকিত মল-মূত্ৰ পেলোৱা ।

কিন্তু নৰ্থ ইষ্ট নাওৰ সাংবাদিকে চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে বিষয়াগৰাকীয়ে কৰা মন্তব্যৰ এখন ওলোটা ছবিহে।
অতি সোনকালে দীপৰ বিলৰ ৰক্ষণাবেক্ষণৰ বিষয়ত গুৰুত্ব দিয়ক চৰকাৰে।অন্যথা দীপৰ বিললৈ অধিক পৰ্যটক অনাৰ চৰকাৰৰ যি সপোন সেয়া সপোন হৈয়ে ৰ’ব।

এই সন্দৰ্ভত বেচৰকাৰী সংগঠন আৰণক্যৰ সভাপতি বিভৱ তালুকদাৰে আমাৰ সাংবাদিকৰ আগত কয় যে “যদিহে মানুহৰ মল- মূত্ৰ সমূহ এনেকৈ মুকলি ঠাইত পেলোৱা হৈছে তেনেহলে এয়া গৰ্হিত কাম হৈছে। এনেদৰে মুকলি ঠাইত মল-মূত্ৰ পেলোৱা কাৰ্যই চৰকাৰৰ স্বচ্ছ ভাৰত আন্দোলনক ভেঙুচালি কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ অতি শীঘ্ৰে এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা লব লাগে বুলিও কয়।

বনমন্ত্ৰী মহোদয় ,গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা—সময় থাকোতে জনতাৰ জীৱনৰ লগত হেতালি খেলা তথা পৰিৱেশ বিনষ্টকাৰী এনেবোৰ কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। এয়া সচেতন ৰাইজৰ দাবী।