NORTHEAST NOW (Assamese)
অসম

মঙলদৈত ছেবাৰ মাণ্ডলিক কাৰ্য্যালয় মুকলি

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী March 4, 2019 4:22 pm

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে ছেবাই ৰাজ্যৰ প্ৰতিখন জিলাতে মাণ্ডলিক কাৰ্য্যালয় মুকলি কৰাৰ বাবে লোৱা সিদ্ধান্ত মৰ্মে আজি দৰং জিলাৰ মঙলদৈত মাণ্ডলিক কাৰ্য্যালয়টো আনুষ্ঠানিক ভাবে মুকলি কৰে।

শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী উপায়ুক্ত কল্পনা ডেকা, দৰং জিলাৰ বিদ্যালয় পৰিদৰ্শক ড০ জোৱাহিৰা টাবোচমৰ উপস্থিতিত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সোমবাৰে শিক্ষা পৰিদৰ্শকৰ কাৰ্য্যালয় চৌহদত ছেবাৰ মাণ্ডলিক কাৰ্য্যালয়টো উদ্বোধন কৰে।

উল্লেখযোগ্য যে, নৱম শ্ৰেণীৰ পঞ্জীয়ণ, পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ শুধৰণি, মাৰ্ক শ্বিট আদিৰ কাম-কাজৰ বাবে দুৰণিবটীয়া ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল অশেষ কষ্ট কৰি গুৱাহাটীলৈ আহিব লগা হয়। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ছেবাই প্ৰতিখন জিলাতে ইয়াৰ মাণ্ডলিক কাৰ্য্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আনহাতে, জিলা সমূহৰ বিদ্যালয় পৰিদৰ্শকে মাণ্ডলিক কাৰ্য্যালয়ৰ সচিৱ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব। এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে নৱম মান শ্ৰেণীৰ সকলো কাম-কাজ গুৱাহাটীৰ ছেৱাৰ মুখ্য কাৰ্য্যালয়লৈ নহাকৈ মাণ্ডলিক কাৰ্য্যালয় সমূহতে কৰিব পাৰিব।