NORTHEAST NOW (Assamese)

১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে ভেকচিনৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ

January 1, 2022 11:39 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে ক’ভিদ-১৯ ভেকচিনৰ ৰেজিষ্ট্ৰেশ্যন আজিৰ পৰা COWIN পৰ্টেলত আৰম্ভ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই কথা সদৰী কৰিছে।

টুইটাৰৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অভিভাৱক সকলক পৰিয়ালৰ যোগ্য কিশোৰসকলৰ নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে।

মান্দাৱিয়াই টুইট যোগে কয়, “নৱবৰ্ষ উপলক্ষে আজিৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ ভেকচিনৰ বাবে COWIN পৰ্টেলত পঞ্জীয়ন আৰম্ভ কৰা হৈছে। মই পৰিয়ালৰ সদস্যসকলক টিকাকৰণৰ বাবে যোগ্য শিশুসকলক পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছো।”

 

উল্লেখ্য যে ১৫-১৮ বছৰ বয়সৰ কিশোৰৰ বাবে ক’ভিদ টিকাকৰণ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।

Related News