NORTHEAST NOW (Assamese)
অসম

বিবাহিত পুৰুষৰ সৈতে প্ৰেম! কি ক’লে ৰেখাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 9:31 am
967836-rekha

অলপতে ছনী টিভিত সম্প্ৰচাৰিত ‘ইণ্ডিয়ান আইডল-১২’ৰ অতিথি হিচাপে আহিছিল বলীউদৰ মোহময়ী অভিনেত্ৰী ৰেখা। অনুষ্ঠানটোত কিংবদন্তি অভিনেত্ৰীগৰাকীয়ে দৰ্শকক মুগ্ধ কৰি ৰাখে।

সেই অনুষ্ঠানটোতে বিবাহিত পুৰুষৰ প্ৰতি প্ৰেমত পৰাক লৈ মুখ খুলি চৰ্চাৰ মাজলৈ আহিছে ৰেখা।

অনুষ্ঠানটোৰ এংকৰ জয় ভানুচালিয়ে ৰেখাৰ কাষত বহি থকা নব বিবাহিত গায়িকা নেহা কক্কৰক উদ্দেশ্যি এটা প্ৰশ্ন কৰে।

জয়ে প্ৰশ্ন কৰে, ‘কোনো নাৰীক বিবাহিত পুৰুষৰ প্ৰেমত পৰা দেখিছেনে?’

নেহা কক্কৰৰ কাষতে বহি থকা ৰেখাই কৈ উঠে ’এই বিষয়ত মোক প্ৰশ্ন কৰিব পাৰা।‘ তাৰ পাছত লগে লগে তেওঁ আকৌ কয়, ‘মই একো কোৱা নাই।‘

পিচে অভিনেত্ৰীগৰাকীৰ অভিব্যক্তিয়ে বহু কিবা কথাকে ইংগিত কৰে। সেই সময়ত উপস্থিত সকলোৱে ৰেখাৰ কথা শুনি হাঁহি দিয়ে।

এংকৰজয় ভানুচালিও সেই সময়ত কি ক’ব তাক লৈ যেন বিবুধিত পৰে।

পিচে, ৰেখাই যে অতীতত তেওঁৰ আৰু অমিতাভ বচ্চনৰ প্ৰেমৰ কথাকেই ইংগিত কৰিছে সেয়া কাৰো বুজিবলৈ বাকী নাথাকিল। অৱশ্যে, অভিনেত্ৰীগৰাকীৰ কথা শুনি দৰ্শকে মাথোঁ মিচিকিয়াই হাঁহিলে।