NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্মান্তৰকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য, দোহাৰিলে সাংবিধানিক অধিকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 2:20 pm

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে জনাইছে যে ১৮ বছৰৰ ঊৰ্ধৰ এজন প্ৰাপ্তবয়স্ক লোকে তেওঁ পালন কৰিব বিচৰা ধৰ্মত দীক্ষিত হ’বলৈ বাধা প্ৰদান কৰাৰ কোনো যুক্তি নাই।

ভাৰতীয় সংবিধানক ধৰ্মীয় অধিকাৰ প্ৰদান কৰা হৈছে বুলিও ন্যায়ালয়ে দোহাৰে।

ধৰ্মান্তৰকৰণ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’বৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই মতামত প্ৰদান কৰিছে।

তদুপৰি ক’লা যাদু সম্পৰ্কেও আইনী ব্যৱস্থা ল’বৰ বাবে আবেদনখনত উল্লেখ কৰা হৈছিল।

ন্যায়ালয়ে আবেদনখনক এটা ‘প্ৰচাৰমুখী মামলা’ হিচাপে অভিহিত কৰিছে।

আবেদনখনৰ শুনানি জাৰি কৰে ন্যায়াধীশ আৰএফ নাৰিমানে।

উল্লেখযোগ্য যে আবেদনখনত ভয়-ভাবুকি প্ৰদান কৰি, উপহাৰ আৰু টকাৰ বিনিময়ত অথবা ক’লাযাদুৰে ধৰ্মান্তৰকৰণৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপৰ অনুৰোধ কৰিছিল।