NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয়তাৰ শীৰ্ষত ‘চীন বৰ্জন’ অভিযানৰ ডিজিটেল অস্ত্ৰ Remove China Apps; কেনেকৈ কৰে কাম?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 10:47 am
how-to-Remove-China-Apps-on-Android-phone

মোবাইলত ঠাহ খাই থকা চীনৰ এপ সমূহ যদি আপুনি থকাটো পছন্দ কৰা নাই তেতিয়াহ’লে তাক অঁতৰোৱাৰ বাবে আহিছে ৰিম’ভ চাইনা এপছ (Remove China Apps)।

মুহূৰ্তৰ ভিতৰতে সকলো চীনৰ এপ বিচাৰি উলিয়াব এই এপটোৱে। এই এপটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

ইচ্ছা কৰিলে আপুনিও ‘চীনা সামগ্ৰী বৰ্জন’ৰ এই অভিযানত যোগ দিব পাৰে।

লকডাউনৰ সময়ছোৱাত চীনে বিশ্ব অৰ্থনীতিত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ লক্ষ্যৰে অভিসন্ধিত নামি পৰিছে।

এটাৰ পাছত আন এটা কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰি অৰ্থনৈতিক দমন অব্যাহত ৰখাৰ চেষ্টা চলাই গৈছে।

ইয়াৰ মাজতে আকৌ ভাৰতৰ সীমান্তত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছে চীনে।

চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে তথা ইয়াৰ গোপন অভিসন্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মেগছেছ বঁটা বিজয়ী লাডাখৰ শিক্ষক চোনম ৱাংচুক।

তেওঁ চীনৰ সামগ্ৰী বৰ্জনৰ বাবে জনোৱা আহ্বানে ছচিয়েল মিডিয়াত ব্যাপক সমৰ্থনো লাভ কৰিছে।

সেইদৰে চীনে বনোৱা ছচিয়েল মিডিয়া এপসমূহো মোবাইলৰ পৰা অঁতৰাই পেলোৱাৰ আহ্বান জনায় ৱাংচুকে।

ৱাংচুকৰ আহ্বানৰ পাছতে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে এই ৰিম’ভ চাইনা এপছে।

যোৱা ১৭ মে’ত গুগল প্লে’ ষ্ট’ৰত আহে এই এপটো। এতিয়ালৈকে ৫০ লাখতকৈয়ো অধিক লোকে এই এপটো ডাউনলোড কৰিছে।

প্ৰধানকৈ শিক্ষাক্ষেত্ৰত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা এপটোৰ বৰ্তমান ব্যৱহাৰৰ দিশ সলনি হৈ পৰিছে।

এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব তাৰ প্ৰক্ৰিয়াটো হ’ল এনেধৰণৰঃ

গুগল এপত গৈ প্ৰথমতে Remove China Appsলিখি চাৰ্চ কৰক। ডাউনলোড হোৱাৰ পাছত ইয়াক অ’পেন কৰক। ইয়াত চাইন আপ কৰাৰ প্ৰয়োজন নাই।

ইয়াৰ পাছত স্ক্ৰীণত দেখা দিয়া স্কেন অপশ্যনটো ক্লিক কৰিলেই আপোনাৰ মোবাইলত থকা সকলোবোৰ চীনৰ এপ চিনাক্ত কৰি দিব।

এই এপসমূহ চিনাক্ত হোৱাৰ পাছত আপুনি মন গ’লেই সেইবোৰ আন ইনষ্টল কৰি দিব পাৰে।