NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ গীতিকাৰ তথা গায়ক জিমি বাফেটৰ ৭৬ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2023 3:10 pm
প্ৰসিদ্ধ গীতিকাৰ তথা গায়ক জিমি বাফেটৰ ৭৬ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰসিদ্ধ গায়ক তথা গীতিকাৰ জিমি বাফেটৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।

তেওঁৰ ৱেবছাইটত প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে জিমিয়ে ১ ছেপ্টেম্বৰৰ নিশা পৰিয়াল, বন্ধু-বান্ধৱী, প্ৰিয় কুকুৰ আৰু সংগীতেৰ পৰিপূৰ্ণ ঘৰত শান্তিৰে পৰলোক গমন কৰে।

অৱশ্যে বিবৃতিটোত জিমিৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত কোনো সবিশেষ উল্লেখ কৰা হোৱা নাই।

১৯৪৬ চনত মিচিচিপিৰ পাস্কাগ’লাত জন্মগ্ৰহণ কৰিছিল বাফেটে। সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ ১৯৭০ চনৰ আৰম্ভণিতে তেওঁ নিউয়ৰ্ক চহৰলৈ গুচি যায়।

১৯৭৪ চনত তেওঁৰ প্ৰথম এলবাম ‘ডাউন টু আৰ্থ’ মুক্তি পায়। বাফেটৰ কিছুমান ক্লাছিক গীতৰ ভিতৰত আছে ‘মাৰ্গাৰিটাভিল’, ‘চীজবাৰ্গাৰ ইন পেৰাডাইজ’ আৰু ‘ভলকেন’।

তেওঁ বিশ্বজুৰি ৩ কোটিতকৈও অধিক এলবাম বিক্ৰী কৰিছে আৰু ৰেকৰ্ডিং একাডেমীৰ পৰা গ্ৰেমী বঁটা আৰু এটা লাইফটাইম এচিভমেণ্ট বঁটাকে ধৰি বহুতো বঁটা লাভ কৰিছে।

তেওঁৰ সংগীত জীৱনত ৩০ টাতকৈও অধিক এলবাম প্ৰকাশ পাইছে।