NORTHEAST NOW (Assamese)
অসম

Nirmala Mishra Passes Away: প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোক; কেইবাখনো অসমীয়া ছবিতো নিগৰাইছিল কণ্ঠ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2022 10:19 am

Renowned Singer Nirmala Mishra Passes Away প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোকপ্ৰাপ্তি ঘটিছে। শনিবাৰে নিশা প্ৰায় ১২.১০ বজাত বৰ্ষীয়ান শিল্পীগৰাকীয়ে তেওঁৰ কলকাতাৰ চেতলাৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

দীৰ্ঘদিন ধৰি তেওঁ বাৰ্দ্ধক্যজনিত ৰোগত ভুগি আছিল। অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

নিৰ্মলা মিশ্ৰ ২০১৫ চনত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। তেওঁ কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।বিগত এমাহ ধৰি শিল্পীগৰাকীয়ে কথা পতা বন্ধ কৰি দিছিল।

লগতে পঢ়ক: ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

বাংলা আধুনিক সংগীতৰ ইতিহাসৰ অন্যতম জনপ্ৰিয় গান ‘এমন একটি ঝিনুক খুঁজে পেলাম না’ বা ‘অ’ তোতা পাখিৰে’ আদিত নিৰ্মলা মিশ্ৰৰ কণ্ঠ সদায় স্মৰণীয় হৈ থাকিব। শিল্পীগৰাকীৰ অজস্ৰ জনপ্ৰিয় গানে  বাংলা সংগীত জগতক সমৃদ্ধ কৰিছে।

উল্লেখ্য যে নিৰ্মলা মিশ্ৰইই ১৯৬০ চনত ওড়িয়া ছবি ‘শ্ৰী লোকনাথ’ত গান গাইছিল। এই ছবিখনৰ জৰিয়তেই নিৰ্মলা মিশ্ৰই সংগীতৰ জগতত প্ৰৱেশ কৰিছিল।

আনহাতে, অসমীয়া ছবি ‘ডক্তৰ বেজবৰুৱা’ৰ ‘কি নাম দি মাতিম’ শীৰ্ষক অতি জনপ্ৰিয় গীতটিত দ্বিপেন বৰুৱাৰ সৈতে কণ্ঠ নিগৰাইছিল নিৰ্মলা মিশ্ৰই ৷ ‘ধৰ্মকাই’ ছবিখনৰ ‘সঁচাকে কোৱা কথাটি কোৱা’, ‘বৃষ্টি’ ছবিৰ ‘তুলসীৰ তলে তলে কত চাকি জ্বলালো’ আদি নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা জনপ্ৰিয় অসমীয়া গীত।

লগতে পঢ়ক: Commonwealth Games 2022: নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোঁহাইৰ

নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা অসমীয়া ছবি সমূহ হৈছে পূবেৰুণ, লাচিত বৰফুকন, সংগ্ৰাম, ডক্তৰ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, বৃষ্টি, পুতলা ঘৰ, ধৰ্মকাই, নতুন আশা আৰু নিয়তি।