NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 11:04 am
Jayanta madhab

বিশিষ্ট অৰ্থনীতিবিদ তথা উত্তৰ পূব বিত্তীয় উন্নয়ন নিগম(NEDFi)ৰ প্ৰতিষ্ঠাপক ড০ জয়ন্ত মাধৱৰ সোমবাৰে নিশা গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটিছে।

বিশিষ্ট অৰ্থনীতিবিদগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। নিশা ১২বাজি ২মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯২৯চনৰ ২৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা ড০ জয়ন্ত মাধৱৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯১বছৰ।

ড০ মাধৱে যোৰহাটৰ জে বি কলেজৰ পৰা অৰ্থনীতিত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

ইয়াৰ পাছতে তেওঁ লণ্ডন স্কুল অফ ইক’নমিকছৰ পৰা ফাইনেন্সিয়েল মেনেজমেন্টত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

শিক্ষা জীৱন সাং কৰি ড০ মাধৱে দুবছৰমান কলকাতা মেট্ৰ’পলিটান ডেভেলপমেন্ট কৰ্পোৰেশ্যনৰ বিত্তীয় উপদেষ্টা কাম কৰাৰ পাছত এছিয়ান ডেভেলপমেন্ট বেংকৰ ডাইৰেক্টৰ হিচাপে মেনিলাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে।

ড০ জয়ন্ত মাধৱে  ২০০৩চনৰ পৰা ২০০৯চনলৈ তদানীত্বন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ অৰ্থনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উত্তৰ-পূব বিত্তীয় উন্নয়ন নিগমক গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।