NORTHEAST NOW (Assamese)
অসম

শিল্পী সমাজৰ বাবে চৰকাৰক কৰ্মমুখী আঁচনি গ্ৰহণৰ আহ্বান টীয়কৰ দিহানামৰ সম্ৰাট কমলা গগৈৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 3, 2021 5:18 pm
Kamala Gogoi

কভিড মহামাৰীয়ে বিপযস্ত কৰা পৰিৱেশত বিভিন্ন ক্ষেত্ৰত জড়িত সাধাৰণ লোকসকলৰ জীৱনলৈ ভয়াবহ অমাৱস্যা নামি আহিছে।

স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰা এই পৰিৱেশত সাংস্কৃতিক, কৃষিকে ধৰি অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে ভোগ কৰা যান্ত্ৰনা লাঘৱ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে কৰ্মসূচী গ্ৰহণ কৰি এইক্ষেত্ৰত এইসকল লোকক সকাহ দিবলৈ আহ্বান জনাইছে দিহানামৰ সম্ৰাট টীয়কৰ কমলা গগৈয়ে।

বৰ্তমান পৰিস্থিতিয়ে কোঙা কৰি পেলোৱা এই লোকসকলৰ বাবে চৰকাৰে জনকল্যাণমূলক আঁচনি গ্ৰহণ নকৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰিছে শিল্পীগৰাকীয়ে।

উল্লেখযোগ্য যে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত দিহানাম পৰিবেশন কৰি জনপ্ৰিয়তা লাভ কৰা তথা সংস্কৃতি চৰ্চাকে জীৱনৰ লক্ষ্য হিচাপে লৈ আগবাঢ়ি যোৱা গগৈয়ে এতিয়া লৈকে বহু কেইখন দিহানামৰ কিতাপ লিখি কণ্ঠদান কৰি আহিছে।

বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দিহানাম, টোকাৰী গীত, নাম কীৰ্তন পৰিবেশন কৰি আৰ্জিত মাননিৰে তেওঁ পৰিয়াল পোহ পাল দি আহিছিল।

গগৈয়ে সংস্কৃতি সাধনাৰ কালচোৱাত লাভ কৰিছিল দিহাসম্ৰাট, দিহাৰত্ন উপাধিৰ লগতে তেওঁ বকুল বনৰ বঁটা, সংস্কৃতি সাধনা বঁটা, নৃতাঞ্জলি বঁটাৰে বিভূষিত হৈছিল।

কিন্তু যোৱা দুটা বছৰ ধৰি ক’ভিড মহামাৰীৰ ফলত প্ৰায় বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠানসমূহ, যাৰ বাবে উপাৰ্জন বিহীন হৈ পৰিছে কমলা গগৈৰ লগতে তেওঁৰ সংগীবিন্দ।

জীৱনৰ আধা বয়স সংস্কৃতি চৰ্চা কৰিয়ে ঘৰখন পৰিচলনা কৰি অহা গগৈয়ে চৰকাৰক বিচাৰিছে সহায়ৰ হাত। লগতে তেওঁৰ দৰে যিসকল থলুৱা শিল্পী মহামাৰীৰ ত্ৰাসত পৰি দিশহাৰা হৈছে তেওঁলোককো আৰ্থিক অনুদান আগবঢ়াবৰ বাবে চৰকাৰক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছে।