NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ সাংবাদিক বৰুণ দাসগুপ্তাৰ ৮৬বছৰ বয়সত পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2021 7:35 am
Barun Dasgupta

প্ৰসিদ্ধ সাংবাদিক বৰুণ দাসগুপ্তাৰ  দেওবাৰে কলকাতাৰ এখন হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬বছৰ।

দাসগুপ্তাই তেওঁৰ পত্নী কবি ৰুচিৰা শ্যামৰ বিয়োগৰপাঁচত বিভিন্ন অংগ বিকল হৈ পৰা অসুস্থতাত ভূগি ছল্ট লেকত থকা জাৰ্ণেলিষ্ট কোপাৰেটিভ হাউছিং কমপ্লেক্সত বিগত পাঁচ-ছয় বছৰ ধৰি অকলশৰে বাস কৰি আছিল।

বৰুণ দাসগুপ্তা তেওঁৰ পিতৃ ক্ষীতিশ দাসগুপ্তা আৰু ডাঙৰ খুড়াক সতীশ দাসগুপ্তাই প্ৰতিষ্ঠা কৰা ছোদেপুৰ গান্ধী আশ্ৰমত ডাঙৰ-দীঘল হৈছিল।

তেওঁৰ বাংলা, অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত বুৎপত্তি আছিল।

তেওঁ বহু বাতৰিকাকতত কাম কৰিছিল। তেওঁ দ্য হিন্দু কাকতৰ গুৱাহাটীৰ বিশেষ সংবাদদাতা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

সাংবাদিক দাসগুপ্তাই পাটনা, নতুন দিল্লী, কলকাতা আৰু গুৱাহাটীত কাম কৰিছিল।

দাসগুপ্তা বহু বছৰ ধৰি ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েশ্যনৰ এগৰাকী সক্ৰিয় সদস্য আছিল।

গুৱাহাটীত দ্য হিন্দু কাকতৰ বিশেষ সংবাদাতা হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰসিদ্ধ সাংবাদিক বৰুণ দাসগুপ্তাৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে শোকপ্ৰকাশ কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাবে এক বিবৃতিত কয় যে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে তেওঁৰ কোইবাদশকজোৰা সাংবাদিকতাৰ সময়ছোৱাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিষয়ৰ ওপৰত বিশদ প্ৰতিবেদন প্ৰকাশ কৰিছিল।

বিবৃতিটোত লগতে কোৱা হয় যে দাসগুপ্তাৰ মৃত্যুৱে সাংবাদিকতাৰ ক্ষেত্ৰখনত এক শূন্যতাৰ সৃষ্টি কৰিলে।