NORTHEAST NOW (Assamese)

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ দুটি কবিতা- ডিটেনশ্বন আৰু খুচুৰা পদ্য

March 26, 2023 2:36 pm · হৰেকৃষ্ণ ডেকা

ডিটেনশ্বন

 

বহুত দিন কবিতাৰ দেখা-দেখি নাছিল।

মই ফেৰাৰ হোৱা বুলি ভাবিছিলোঁ।

পিছে এদিন কবিতা আহি ওলালহি।

গাত তাৰ চমতাৰ কোব।

সুধিলোঁ, কি হৈছে তোৰ?

সি সেহাই ক’লে,

মই ভাল কবিতা হ’ব খুজিছিলোঁ।

কিন্তু সিহঁতে টানি নি মোক সুমুৱাই থ’লে।

সুধিলোঁ, ক’ত আছিলি ইমান দিন?

সি চাৰিওফালে ভয়ে ভয়ে চালে,

মুখেৰে নামাতিলে।

আকৌ সুধিলোঁ, ক’ত আছিলি কবিতা?

কবিতাই কঁপি কঁপি ক’লে,

ইণ্টাৰ’গেশ্বন ৰূমত,

ডিটেনশ্বন কেম্পত।

মই তাক ৰক্ষণাবেক্ষণ দিব খুজিছিলোঁ।

কিন্তু কবিতাই ক’লে, আপুনি কেনেকৈ মোক ৰক্ষণাবেক্ষণ দি’ব?

পাৰিবনে, পাৰিবনে সঁচাকৈয়ে?

সৌ তাত এবাৰ চাই আহক।

মানৱতাক তাত মৃত্যুদণ্ড দিয়া হৈছে।

 

খুচুৰা পদ্য

 

গহনা

তুমি ইমান গহনা পিন্ধিছিলা যে

তোমাৰ গহনাৰ পোহৰে মোৰ চকু

চাত মাৰি ধৰিছিল

আৰু মই তোমাক নেদেখিলোঁ।

 

বাকপটু

আপোনাৰ বাক-বিক্ৰমত মোৰ

সন্দেহ নাই।

আপোনাৰ বাকপটু মুখৰ থুবোৰে

আপোনাৰ মুখ এনেকৈ ঢাকি ধৰে যে

আপোনাৰ চেহেৰা দেখা নাপায়।

চন্দুক

জানো, আপোনাৰ এটা চন্দুক আছে

আপুনি খোলে আৰু জপায়

চন্দুক নোটেৰে ভৰি যায়।

চন্দুক খোলা-জপোৱা কৰি থাকোঁতে

এটা নিগনি কেতিয়া সোমাল

আপুনি গম নাপালে।

আপুনি হিয়া ঢাকুৰি আছে।

কিন্তু কোনেও আপোনাক সান্ত্বনা দিবলৈ অহা নাই।

সিদিনা অলপ টকা ক’ম হওঁতে আপুনি

লগুৱাটোক ক’মকৈ মাৰিছিল নে!

Related News