NORTHEAST NOW (Assamese)
Popular Stories

কাৰাগাৰৰ পৰা মুকলি হ’ল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 7:36 am
Arnab-Goswami-3-750x376

উচ্চতম ন্যায়ালয়ত অন্তৰ্ৱৰ্তীকালীন জানিন লাভ কৰাৰ পিছতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে তাল’জা কাৰাগাৰৰ পৰা মুকলি কৰি দিছে।

বুধবাৰে ৰাতি সাংবাদিক গৰাকীক জেইল কৰ্তৃপক্ষই মুকলি কৰি দিয়ে। জেইলৰ পৰা মুকলি কৰি দিয়া সময়ত সাংবাদিক গৰাকীৰ নিৰাপত্তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে প্ৰশাসনে।

বুধবাৰে ৰাতি সাংবাদিক গৰাকীক জেইলৰ পৰা মুকলি কৰি দিয়া সময়ত কাৰাগাৰৰ সন্মুখত বহু সংখ্যক সমৰ্থকে ভিৰ কৰা প্ৰত্যক্ষ কৰা যায়।

সমৰ্থকসকলে সাংবাদিক অৰ্ণৱ গোস্বামীক কাৰাগাৰৰ সন্মুখৰ পৰা শোভাযাত্ৰা কৰি আদৰি অনা পৰিলক্ষিত হয়।

ইফালে সাংবাদিক অৰ্ণৱ গোস্বামীয়ে কাৰাগাৰৰ পৰা মুকলি হৈয়ে ‘বন্দে মাতৰম’ আৰু ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়া দেখা যায়।

উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে সাংবাদিক অৰ্ণৱ গোস্বামীসহ অন্য দুগৰাকীক ২০১৮ চনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

নিম্ন আদালত আৰু বোম্বে উচ্চ ন্যায়ালয়ৰে অৰ্ণৱ গোস্বামীসহ অন্য দুজন অভিযুক্তৰো অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন খাৰিজ কৰিছিল।

ইয়াৰ পিছতে সাংবাদিক গৰাকীয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে আৰু সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে ৫০ হাজাৰ টকাকৈ বণ্ডৰ বিনিময়ত অৰ্ণৱ গোস্বামীসহ অন্য দুজন অভিযুক্তৰো অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।