NORTHEAST NOW (Assamese)
অসম

ৰেচকিউৰ ব্যতিক্ৰমী অনুষ্ঠান : ককা-আইতাৰ হাঁহি-কান্দোনত জীপাল তলাতল ঘৰৰ বাকৰি

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 18, 2019 8:29 pm
Sivasagar

সন্তানৰ বাবে নিজৰ জীৱনৰ সমস্ত সুখ ত্যাগ কৰিও পিছত সন্তানৰ পৰা অৱহেলা আৰু লাঞ্চনা-বঞ্চনা সহিব লগা হোৱাটো কিমান হৃদয় বিদাৰক সেয়া ভুক্তভোগী পিতৃ-মাতৃয়েহে বুজিব পাৰে। লাঞ্চনা-বঞ্চনাৰ মাজেদি জীৱন অতিবাহিত কৰা এইসকল দুৰ্ভগীয়া পিতৃ-মাতৃৰ অধিকাংশই অৱশেষত আশ্ৰয় লয়হি কোনোবা এখন বৃদ্ধাশ্ৰমত।

শিৱসাগৰ নগৰৰ সমীপত থকা সেৱা আশ্ৰমৰ ৭০-৮০ ৰ উৰ্দ্ধৰ ককা-আইতা সকলৰ অধিকাংশই ইয়াৰ ব্যতিক্ৰম নহয়। জীৱনৰ সুখ-দুখ, ৰং-আনন্দ পাহৰি পেলোৱা এইসকল ককা-আইতাক আজি দেখা গ’ল এক নতুন ৰূপত।

শিৱসাগৰৰ অন্যতম স্বেস্বাসেৱী অনুষ্ঠান ‘ৰেচকিউ’য়ে আজি বৃদ্ধাশ্ৰমখনত থকা ককা-আইতা সকলক লৈ তলাতল ঘৰত অনুষ্ঠিত কৰে এক অন্তৰংগ আলাপ অনুষ্ঠান। য’ত মুকলি আকাশৰ তলত আপোন পাহৰা হৈ প্ৰতিজনে কৈ গ’ল নিজৰ জীৱনৰ দস্তাবেজ। হাঁহি কান্দোনেৰে কৈ গ’ল নিজৰ সন্তান, বোৱাৰী অথবা স্বামীৰ কথা। ডেকা-গাভৰুৰ দৰে কোনোবাই কবিতা আবৃত্তি কৰিলে কোনোবাই বিহু অথবা কোনোবাই জীৱনৰ লগত সংপৃক্ত ৰসাল কাহিনীৰে জীপাল কৰি তোলে তলাতল ঘৰৰ বাকৰি।

আনহাতে সংস্থাটোৱে শিৱসাগৰ স্বপ্নালয় শিশু গৃহৰ ২৯ টি শিশুক তলাতল ঘৰৰ বাকৰিলৈ আনি তেওঁলোকৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি অনুষ্ঠানটোৰ অন্য মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰ উপৰি জম্মু-কাশ্মীৰত চহিদ হোৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তলাতলৰ চৌহদত ককা-আইতা সকলৰ হাতেৰে সংস্থাটোৱে একোটাকৈ গছপুলি ৰোপন কৰোৱায়।

আজিৰ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অঞ্চলটোৰ ৰাইজৰ মাজত এক স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰো অনুষ্ঠিত কৰা হয়। তদপুৰি অনুষ্ঠানত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনাৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সদস্য উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।