NORTHEAST NOW (Assamese)
অসম

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 6, 2025 11:25 am

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিয়ে পুনৰ ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে (৬ জুন) আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰেপো ৰেট ৫০ বেচিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

ইয়াৰ ফলত ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট ৬ শতাংশৰ পৰা ৫.৫০ শতাংশলৈ হ্ৰাস পাইছে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিৰ বৈঠক ৪ জুনৰ পৰা ৬ জুনলৈ চলি আছে। তাতে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এই বছৰ আৰ বি আইয়ে মুঠ তিনিবাৰকৈ ৰেপো ৰেট হ্ৰাস কৰিছে। প্ৰথম দুবাৰ ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল। এইবাৰ ৫০ বেচিছ পইণ্ট হ্ৰাস কৰা হৈছে।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ৰেপো ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল। ইয়াৰ বাবে ৰেপো ৰেট ৬.২৫ শতাংশৰ পৰা ৬ শতাংশলৈ হ্ৰাস পায়। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহতো ৰেপো ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল। ইয়াৰ বাবে ২০২৫ চনত ৰেপো ৰেট ১০০ বেছিছ পইণ্ট বা ১ শতাংশ হ্ৰাস পায়।

ৰেপো হাৰ হ্ৰাস কৰাৰ অৰ্থ কি? ৰেপো ৰেট হৈছে এক প্ৰকাৰৰ সুতৰ হাৰ। এই হাৰত আৰ বি আইয়ে দেশৰ বিভিন্ন বাণিজ্যিক বেংকক ধন ধাৰে দিব পাৰে। এই হাৰ হ্ৰাসৰ অৰ্থ হ’ল বেংকে আৰ বি আইৰ পৰা কম সুতৰ হাৰত ধন ঋণ ল’ব পাৰিব। যদি বেংকে কম সুতৰ হাৰত ধন ঋণ লয়, তেন্তে গ্ৰাহকক দিয়া ঋণৰ সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।

অৰ্থাৎ বিভিন্ন ধৰণৰ ঋণৰ সুতৰ হাৰ হ্ৰাস কৰিব পাৰি। সুতৰ হাৰ হ্ৰাস কৰিলে বিনিয়োগৰ বাবে ধন ধাৰে লোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ইয়াৰ বাবে ব্যৱসায় বৃদ্ধি আৰু বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় বৃদ্ধি কৰাটো সহজ হৈ পৰে। গতিকে এই পদক্ষেপক অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত ফলপ্ৰসূ বুলি বিবেচিত হৈছে।