NORTHEAST NOW (Assamese)
অসম

যৌন নিৰ্যাতনৰ অভিযোগ উঠাৰ পিছতে হাফলঙৰ পৰা পলায়ন আৱাসিক অভিযন্তাৰ

Posted by: সুৰজ বৰ্মন, হাফলং Updated by: সুৰজ বৰ্মন, হাফলং March 22, 2026 9:32 am

ডিমা হাছাওৰ হাফলং কাৰ্যালয়ত তেওঁৰ অধীনত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীক হাৰাশাস্তি কৰি হাফলং চহৰৰ পৰা পলায়ন কৰিছে এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ আৱাসিক অভিযন্তা (ৰেচিডেণ্ট ইঞ্জিনিয়াৰ) ৰাজেশ কুমাৰে।

বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ নিবাসী ৫৮ বছৰীয়া কুমাৰে নিৰ্মাণ প্ৰতিষ্ঠান নিপ্পন ক’ই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ অধীনত ৰেচিডেণ্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আহিছে। হাফলঙতকোম্পানীটোৰ কাৰ্যালয় আছে আৰু মুখ্য কাৰ্যালয় গুৱাহাটীত।

ডিমা হাছাওৰ নামনি হাফলঙৰ পৰা হাফলং তিনিআলিলৈ ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণ কৰি আছে প্ৰতিষ্ঠানটোৱে।

কুমাৰে বিগত কেইমাহমানৰ পৰা মহিলা কৰ্মচাৰীগৰাকীক অশ্লীল শব্দ আৰু বাৰ্তাৰে হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত বিএনএছৰ ধাৰা ৭৫(২) (যৌন হাৰাশাস্তি)ৰ অধীনত হাফলং থানাত (কেছ নং ১৫/২০২৬) এফআইআৰ দাখিল কৰিছে আৰক্ষীয়ে।

ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰা আৰক্ষীৰ এজাহাৰতো উল্লেখ কৰা হৈছে যে অভিযুক্তই অহৰহ মেছেজ কৰি আনকি ৰাতিও তেওঁৰ ঘৰলৈ ফোন কৰিছিল।

ইয়াত লগতে কোৱা হৈছে যে আৱাসিক অভিযন্তাগৰাকীয়ে জাল স্বাক্ষৰ থকা পদত্যাগ পত্ৰ এৰি থৈ গৈছিল, য’ত কাৰ্যালয়ৰ পৰিচালক সুপ্ৰতিম দে-ই স্বাক্ষৰ কৰা বুলি অভিযোগ উঠিছে, যিয়ে তেওঁক হাফলঙৰ পৰা পলায়ন কৰাত সহায় কৰিছিল।

অভিযুক্তই ‘যৌন অনুগ্ৰহ’ৰ বিনিময়ত অফিচ মেনেজাৰ পদৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। তেওঁ নাকচ কৰাৰ সময়ত আৱাসিক অভিযন্তাগৰাকীয়ে মহিলা কৰ্মচাৰীগৰাকীৰ দুমাহৰ দৰমহা বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

‘আমাৰ পৰিয়ালত মই একমাত্ৰ জীৱিকা, আৰু ৰাজেশে মোৰ অৰ্থনৈতিক অৱস্থা জানিছিল বাবে সুবিধা ল’বলৈ চেষ্টা কৰি আহিছিল। আমাৰ কাৰ্যালয়ৰ একমাত্ৰ মহিলা কৰ্মী হিচাপে মই এই বিষয়ে আন কৰ্মচাৰীৰ সৈতে কথা পাতিবলৈ দ্বিধাবোধ কৰিছিলো। আমাৰ প্ৰজেক্ট মেনেজাৰ দীপজ্যোতি শইকীয়াকো এই বিষয়ে অৱগত কৰিছিলো। তেওঁ মোক আশ্বাস দিছিল যে তেওঁ ব্যৱস্থা ল’ব, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, আৰু তেওঁ এতিয়া মোৰ ফোন ধৰিবলৈও অস্বীকাৰ কৰিছে।’

আৰক্ষী বিষয়াসকলে কয় যে তেওঁলোকে অভিযুক্তৰ গৃহ চহৰৰ কৰ্তৃপক্ষকে ধৰি সকলো আৰক্ষী থানাক সতৰ্ক কৰি দিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক হাফলঙলৈ লৈ আহিব।