NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত ১২ সংখ্যক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আৱাসিক কৰ্মশালা

Posted by: উত্তম শইকীয়া March 14, 2019 9:16 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজিৰ পৰা তিনি দিনীয়াকৈ আৰম্ভ হৈছে ১২ সংখ্যক নেচাৰ্চ অৰিয়েন্টেশ্যন ইনিচিয়েটিভ শীৰ্ষক এক আৱাসিক কৰ্মশালা। কাজিৰঙাৰ সঞ্চালক আকাশদ্বীপ বৰুৱাই আজি আনুষ্ঠানিকভাৱে এই কৰ্মশালা উদ্বোধন কৰে।

বাগৰিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়া, বিশ্বনাথ বন সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী মুকুট দাস, আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মন আদি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

বিগত বৰ্ষসমূহৰ দৰে আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, দা কৰবেট ফাউণ্ডেশ্যন, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ভূমিৰ উদ্যোগত তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ সহযোগত অনুষ্ঠিত কৰা উক্ত কৰ্মশালাত উদ্যানৰ কাষৰীয়া কেইবাখনো বিদ্যালয়ৰ মুঠ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই উপলক্ষে আজি আৰণ্যকৰ সচিব প্ৰধান বিভব কুমাৰ তালুকদাৰ, বিশ্ব প্ৰকৃতি নিধিৰ অনুপম শৰ্মা, কৰবেট ফাউণ্ডেশ্যনৰ সুমন্ত কুণ্ডু আৰু পক্ষীবিদ আবিদুৰ ৰহমানে বন আৰু প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে সচিত্ৰৰ উপস্থাপনেৰে ছাত্ৰ-ছাত্ৰী সৈতে মত বিনিময় কৰে।

উল্লেখযোগ্য যে এইবাৰৰ শিবিৰত ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ কেইবাজনো অভিজ্ঞ পৰিৱেশ কৰ্মীয়ে পৰিৱেশ সম্পৰ্কিয় শিক্ষা প্ৰদান কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সম্পৰ্কেও শিক্ষা দিব বুলি উদ্যোগতাসকলে জানিবলৈ দিয়ে।