NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা; প্ৰশ্নকাকত জালিয়াতিৰ কি হ’ল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 9:25 am
index-7-750x375

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে যোৱা ২২নৱেম্বৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ (ইউ বি) ৫৯৭টা পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰিছে।

ৰাজ্যিক নিযুক্তি ব’ৰ্ডে জানিবলৈ দিয়া মতে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰতিটো শাখাত মুঠ খালী পদৰ বিপৰীতে পাঁচগুণ অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

সেইদৰে, লিখিত পৰীক্ষাত মুঠ ৩১৬২গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ৯৫৮গৰাকী মহিলা আৰু ২২০৪গৰাকী পুৰুষ প্ৰাৰ্থী আছে।

গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত সম্পূৰ্ণ নিকা আৰু স্বচ্ছতা বজাই ৰখাৰ বাবে কেটেগুৰি অনুসৰি লিখিত পৰীক্ষাৰ কাটঅফ মাৰ্ক সমূহো ব্যক্তিগত নম্বৰ তালিকাৰ সৈতে প্ৰকাশ কৰা হৈছে।

প্ৰাৰ্থীসকলে ফলাফলসমূহ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ ৱেবছাইট  https://slprbassam.in ৰ পৰা ডাউনলোড কৰিব পাৰিব।

আনহাতে, আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমটো লিখিত পৰীক্ষাত হোৱা প্ৰশ্নকাকত ফাদিল কেলেকাৰিৰ প্ৰায় তিনিমাহ হ’বৰ হ’ল যদিও তদন্তকাৰী বিষয়াসকলে এই জালিয়াতিৰ গোচৰত এতিয়ালৈ চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হোৱা নাই।