NORTHEAST NOW (Assamese)

দৰং জিলাত জাপানীজ এনকেফেলাইটিছত মৃত্যু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শকৰ

July 15, 2019 10:34 pm · ময়ূখ গোস্বামী
আকাছুদ্দিন আহমেদ

ৰাজ্যত বানপানীৰ সমান্তৰালভাৱে কালৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছে দৰং জিলাত আৰু এগৰাকী লোকৰ প্ৰাণ কাঢ়ি নিলে।

প্ৰাপ্ত খবৰ অনুসৰি দৰং জিলাৰ মঙলদৈ চহৰৰ ২ নং ৱাৰ্ড নিৱাসী আকাছুদ্দিন আহমেদ (৭৩)ৰ দেওবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যু হোৱাৰ দিনাখনে আহমেদক জাপানীজ এনকেফেলাইটিছ প’জিটিভ বুলি চিনাক্ত হোৱাৰ পাছত চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল।

আকাছুদ্দিন আহমেদ অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক আছিল।

আনহাতে, পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে, ৯ জুলাইত আহমেদক অত্যাধিক জ্বৰ উঠাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তাৰ পাছত দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আহমেদৰ মৃত্যুৰ লগে লগে বিগত কেইসপ্তাহত মঙলদৈ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পালে।

ইয়াৰপূৰ্বে জলজলি চিকিৎসা কেন্দ্ৰৰ অন্তৰ্গত মোল্লাপাৰা, মেধিপাৰা, গেৰিমাৰিৰ তিনিগৰাকী লোক আৰু পথৰিয়াঘাট চিকিৎসা কেন্দ্ৰৰ দুনি আৰু তুৰাইৰ দুগৰাকী লোকৰ জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছিল।

আনহাতে, জিলাখনৰ প্ৰায় বাৰগৰাকীতকৈও অধিক জাপানীজ এনকেফেলাইটিছ ৰোগীয়ে বৰ্তমান গুৱাহাটী মহানগৰীৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

Related News