NORTHEAST NOW (Assamese)
অসম

শ্বেৰমান আলীৰ শ্বহীদ বিদ্বেষী মন্তব্যক লৈ জ্বলিছে ৰাজ্য; টীয়কত অৱসৰপ্ৰাপ্ত শিক্ষকে তৰিলে গোচৰ

Posted by: নিৰ্মলানেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলানেন্দু পাঠক, টীয়ক October 2, 2021 10:09 am
Teacher File FIR against Sherman

FIR against MLA Sherman: বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যক লৈ এতিয়া জ্বলিছে ৰাজ্য। কেৱল ৰাজনৈতিক মহলতেই নহয়, বিধায়ক গৰাকীৰ শ্বহীদ বিদ্বেষী মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা।

মূলত: অসম আন্দোলনৰ শ্বহীদ সকলক লৈ কৰা অপমানসুচক মন্তব্যক ধিক্কাৰ দিছে সকলোৱে।

ইপিনে, বিতৰ্কিত বিধায়কৰ অপৰিপক্ক মন্তব্যক লৈ গোচৰ তৰিছে টীয়কত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে।

টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কমাৰখাটোৱাল গাঁৱৰ গিৰীন বৰা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম আন্দোলনৰ নিৰ্যাতিত অগ্ৰণী নেতাগৰাকীয়ে  শীঘ্ৰে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত শাস্তি বিহিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ।

তেওঁ লগতে এনেকুৱা অসম মাতৃৰ বিৰুদ্ধাচৰণ কৰা ব্যক্তিৰ বিৰুদ্ধে সকলো অসমবাসীকে একত্ৰিত হৈ থিয় হ’বলৈ আহ্বান জনাইছে।