NORTHEAST NOW (Assamese)
Popular Stories

বিষধৰ সাপৰ সৈতে বন্ধুত্বৰ পৰিণাম ভূগিছে নেপালে! : নেপালৰ ভূমিত পুনৰ চীনৰ দালান নিৰ্মাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2020 3:00 pm
index

বন্ধু ৰাষ্ট্ৰ চীনে নেপালক পুনৰ বন্ধুত্বৰ পুৰস্কাৰ দিছে!

চীনে পুনৰ নেপালৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছে সুবৃহৎ দালান।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।

এই খবৰ পোৱা মাত্ৰকে নেপালৰ প্ৰধানমন্ত্ৰী অলিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে নেপালৰ জনতা।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কিছুদিনৰ পৰা হুমলা জিলাৰ লাপচা-লিমিত চীনৰ প্ৰশাসনে কিছু অবৈধ দালান নিৰ্মাণ কৰিছে।

বাতৰি অনুসৰি নেপালৰ স্থানীয় জনসাধাৰণে নেপালৰ ভূমিত চীনৰ এই অবৈধ দালান নিৰ্মাণ কাৰ্য বিৰোধ কৰিছে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত হুমলা জিলাৰ প্ৰশাসনিক মুৰব্বী দলবাহাদুৰ হামালে অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যায়।

তেওঁ অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়তে চীনে নেপালৰ ভূমিত অবৈধ নিৰ্মাণ কাৰ্য চলাই থকাটো নিশ্চিত হয়।

জানিব পৰা মতে যোৱা ৩০ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰৰ ভিতৰত চীনা প্ৰশাসনে নেপালৰ ভূমিত ৯ টা প্ৰকাণ্ড দালান নিৰ্মাণ কৰিছে।

“আমি প্ৰথমে লাপচা-লিমি অঞ্চলত চীনে এটা বিল্ডিং নিৰ্মাণ কৰাৰ খবৰ পাইছিলো। কিন্তু গোটেই অঞ্চলটো পৰিদৰ্শন কৰি আমি অঞ্চলটোত আৰু বহু বিল্ডিং দেখা পালো। ইতিমধ্যে নেপালৰ গৃহ মন্ত্ৰণালয়ক এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰা হৈছে।” দলবাহাদুৰ হামালে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে যোৱা জুন মাহতো নেপালৰ কৃষি মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দেশখনৰ ডোলখা, গোৰ্খা, দাৰচুলা, হুমলা, সিন্ধুপালচক আৰু বায়ুচা জিলাৰ বিভিন্ন ঠাইত চীনে আন্তকৰ্জাতিক সীমা অতিক্ৰম কৰি আহি নেপালৰ ভূমিত অবৈধভাৱে দালান নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰা হৈছিল।