NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : অৱশেষত সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ NCBৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 4:41 pm
aaaaa

দীৰ্ঘ দিনৰ জল্পনা কল্পনাৰ অন্ত পৰিল। ৰহস্যঘন সুশান্তৰ আত্মহত্যা কাণ্ডৰ তদন্তই প্ৰতিদিনে নতুন নতুন মোৰ লোৱাৰ অন্তত আজি এক অন্য সফলতা লাভ কৰিছে তদন্তকাৰী সংস্থাই।

অৱশেষত গ্ৰেপ্তাৰ হ’ল সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ মূল অভিযুক্ত বুলি দাবী কৰি অহা সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তী।

মুম্বাইৰ আৰক্ষীৰ পৰা চিবিআইৰ হাতত তদন্তৰ ভাৰ অৰ্পণ কৰাৰ পিছতে বহু গোপন তথ্যৰ উন্মোচন ঘটিছিল সুশান্ত সিং আত্মহত্যা কাণ্ডৰ।

সমগ্ৰ ঘটনাক্ৰমত চিবিআই-এ নিষিদ্ধ ঘোষিত ড্ৰাগছৰ সংযোগ লাভ কৰাৰ পিছতে নাৰক’টিক্স কণ্ট্ৰ’ল ব্যুৰ(NCB)ক ইয়াৰ তদন্তৰ দায়িত্ব দিছিল।

ইতিপূৰ্বে NCBএ ড্ৰাগছ যোগান আৰু সেৱনৰ অভিযোগত ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন হাউছ মেনেজাৰ চেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে ৰীয়া চক্ৰৱৰ্তীক NCBএ তিনি দিন ধৰি মাৰাথান জেৰা অব্যাহত ৰাখিছিল।

জেৰাত NCBএ ৰীয়া আৰু তেওঁ সংগীৰ বিৰুদ্ধে ড্ৰাগছ সেৱন আৰু ড্ৰাগছৰ ব্যৱসায়িক আদান প্ৰদানৰ তথ্যও লাভ কৰিছে। আনকি NCBৰ জেৰাত খোদ ৰীয়াই এই কথা স্বীকাৰ কৰিছে বুলিও জানিব পৰা গৈছে।

ইয়াৰ পিছতে ৰীয়াৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু স্বাস্থ্য পৰীক্ষাৰ পিছতে NCBএ ৰীয়াক গ্ৰেপ্তাৰ কৰে।

এক সূত্ৰৰ মতে ৰীয়া চক্ৰৱৰ্তীৰ ড্ৰাগছৰ সৰবৰাহৰ গোটত বলিউদৰ প্ৰায় ২৫ গৰাকী লোক জড়িত হৈ আছে।

উল্লেখ্য যে ইতিমধ্যে NCBএ ৰীয়াৰ লেপটপসহ মোবাইল বাজেয়াপ্ত কৰিছিল আৰু তাৰ পৰাও NCBএ বহু আপত্তিজনক তথ্য লাভ কৰিছে।

ইফালে ৰীয়া চক্ৰৱৰ্তীয়ে কালি বান্দ্ৰা থানাত সুশান্ত সিং ৰাজপুতৰ দুই ভগ্নী আৰু চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিঙে ৰীয়াই যিবোৰ অভিযোগত এজাহাৰ দাখিল কৰিছে সেই অভিযোগসমূহ ভুৱা বুলি দাবী কৰিছে।