NORTHEAST NOW (Assamese)
অসম

নতুন ঘৰৰ সন্ধানত ৰিয়া চক্ৰৱৰ্তী; কেমেৰা দেখি ক্ষুব্ধ হৈ পৰিল সুশান্তৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 7:42 am
WhatsApp Image 2021-01-04 at 7.13.54 AM

বিগত বৰ্ষত সংবাদ মাধ্যমৰ শিৰোণামা দখল কৰি বহুলভাৱে চৰ্চিত হৈ পৰিছিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।

বলীউদৰ উদীয়মান জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুক লৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ পাছতে তেওঁৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ সম্পৰ্কক লৈ বিভিন্ন বাতৰিও প্ৰকাশ পাইছিল।

সুশান্তৰ মৃত্যুৰ পাছতে অভিনেতাগৰাকীৰ পিতৃয়ে সুশান্তৰ প্ৰেমিকা ৰিয়াক জগৰীয়া কৰি ৰিয়া আৰু ৰিয়াৰ পৰিয়ালৰ বিৰুদ্ধে ‘আত্মহত্যাত উচটনি দিয়াৰ গোচৰ’ দাখিল কৰে।

ইপিনে, নৱবৰ্ষত নতুন ঘৰৰ সন্ধান কৰিছে সুশান্তৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে। ভাতৃৰ সৈতে মুকলিলৈ ওলাই অহা ৰিয়াৰ টী-ছাৰ্টত লিখা আছিল ‘লাভ ইছ পাৱাৰ’।

ৰিয়াৰ বিৰুদ্ধে তিনিটাকৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই, ইডি আৰু এনচিবিয়ে দাখিল কৰা এজাহাৰত অভিনেত্ৰীগৰাকীক মূল অভিযুক্ত হিচাপে ৰখা হৈছে।

আনকি ড্ৰাগছ কাণ্ডৰ গোচৰত এমাহ জে’লতো থাকিবলগীয়া হৈছে ৰিয়াই। সেইদৰে ৰিয়াৰ ভাতৃ সৌভিকে তিনিমাহ কটাবলগীয়া হৈছে জে’লত।

অৱশেষত দেওবাৰে ৰিয়া আৰু তেওঁৰ ভাতৃক প্ৰথমবাৰৰ বাবে মুকলিকৈ ওলাই অহা দেখা গ’ল।

ৰিয়াক দেখি সংবাদ মাধ্যমৰ কেমেৰাই তেওঁৰ ছবি তুলিব খোজোতেই ক্ষুব্ধ হৈ পৰে অভিনেত্ৰীগৰাকী।

স্বাভাৱিকতেই দু:স্বপ্নৰ এটা বছৰ অতিক্ৰম কৰি নৱবৰ্ষত শান্তিৰ সন্ধানত মুকলি বতাহ লোৱাৰ চেষ্টা কৰা অভিনেত্ৰী ৰিয়া সংবাদ মাধ্যমক দেখি ক্ষুব্ধ নহ’বই বা কিয়?