NORTHEAST NOW (Assamese)
অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী November 12, 2019 9:50 pm
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক

বন বিভাগে মঙলবাৰে এক অভিযান চলাই দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পৰ সমীপৰ পৰা এজন গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোকাং চিকাৰীজনক জাকিৰ হুচ্ছেইন (৪৯) বুলি চিনাক্ত কৰা হৈছে। জাকিৰৰ ঘৰ শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত নুৰ্পুৰ ভাইৰগুৰি পাথৰগাঁৱত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

প্ৰাপ্ত তথ্য মতে এক সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত মঙলদৈ বন সংমণ্ডলৰ মহকুমা বনাঞ্চলিক বিষয়া বি ভি সন্দীপৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই জাকিৰ হুচ্ছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ এজন বিষয়াই জনোৱা মতে ইয়াৰ পূৰ্বেও গঁড় চিকাৰৰ সৈতে জড়িত থকা জাকিৰে বহু দিনৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ পৰিকলপনা কৰি আহিছিল।