NORTHEAST NOW (Assamese)

বোকাখাতৰ খতিয়াখলিত দুই শতাধিক কৃষকক কঠীয়া প্ৰদান

August 19, 2020 6:19 pm · উত্তম শইকীয়া

বানাক্ৰান্ত কৃষকৰ সাহায্যৰ বাবে বোকাখাতৰ খতিয়াখলিৰ পশু চিকিৎসা কেন্দ্র চৌহদত নিজৰ গাঁঠিৰ ধনৰে কঠিয়া পাৰিছিল বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতু শইকীয়াই।

পূৰঠ হৈ উঠা এই কঠিয়া আজি কৃষকৰ মাজত বিতৰণ কৰে যুৱ নেতাগৰাকীয়ে। বোকাখাত মহকুমাৰ প্ৰায় ১৫খন পঞ্চায়তৰ লোকে জিতু শইকীয়াৰ এই কঠিয়া নিবলৈ পুৱাৰ পৰাই সমবেত হয় খতিয়াখলিত।

প্ৰায় দুই শতাধিক লোকে কঠিয়াতলিৰ পৰা কঠিয়া সংগ্ৰহ কৰে। কঠিয়া বিতৰণৰ এই অনুষ্ঠানত বোকাখাত ব্লক কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে স্থানীয় লোকেও সমগ্ৰ ব্যৱস্থাপনাত সহায় কৰে।

আজিৰ কঠিয়া তোলা অনুষ্ঠানৰ সংগতি ৰাখি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জিতু শইকীয়াই কয় যে ছাত্ৰাৱস্থাৰ পৰাই তেওঁ সমাজ সেৱাত আত্মনিয়োগ কৰি আহিছে আৰু ৰাজনৈতিক জীৱনতো বানাক্ৰান্ত লোকৰ দুৰ্দশা তেওঁ দেখি আহিছে। সেয়েহে বন্যাৰ্ত লোকৰ সাহায্যৰ বাবেই তেওঁৰ এই প্ৰচেষ্টা৷

বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি জিতু শইকীয়াই কয় যে কৃষিমন্ত্রী হৈও বোকাখাত সমষ্টিৰ কৃষকৰ বাবে অতুল বৰাই একোয়েই নকৰিলে। নহ’ল শীতলীকৰণ কেন্দ্ৰ। বৰঞ্চ বোকাখাতৰ বাবে হ’ব পৰা প্ৰতিটো সুবিধাই কাঢ়ি লৈ যোৱা হ’ল গোলাঘাটলৈহে।

উল্লেখ্য যে আজি বিতৰণ কৰা কঠিয়াৰে বোকাখাতৰ প্ৰায় দুশ বিঘাৰো অধিক মাটিত শালি খেতি কৰিব পাৰিব কৃষকে৷

Related News