NORTHEAST NOW (Assamese)
অসম

ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান জিনিলে ৰীমা দাসে

Posted by: এন ই নাও নিউজ March 6, 2019 4:23 pm
Rima-Das-fb-image

আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কৃতিত্বৰ স্বাক্ষৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ পৰিচালক ৰিমা দাসে। শেহতীয়া ছবি বুলবুল কেন ছিং’ৰ বাবে তেওঁ  ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে।

উল্লেখযোগ্য যে ‘ভিলেজ ৰকষ্টাৰ’ ছবিৰে চলচ্চিত্ৰ জগতত খলকনি তুলিবলৈ সক্ষম হোৱা ৰীমা দাসৰ বুলবুল কেন ছিং ছবিখনে ইয়াৰ পূৰ্বে যোৱা ৭ ফেব্ৰুৱাৰিৰ পৰা জাৰ্মানিত অনুষ্ঠিত ৬৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ জেনেৰেশ্যন ১৪প্লাছ শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

ইতিমধ্যে টৰণ্ট চলচ্চিত্ৰ মহোৎসৱৰ যোগেদি ৱৰ্ল্ড প্ৰ‌িমিয়াৰ লাভ কৰা চলচ্চিত্ৰখনৰ যোৱা ১২ ফেব্ৰুৱাৰিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত য়ুৰোপিয়ান প্ৰিমিয়াৰ হয়।

তদুপৰি চলচ্চিত্ৰখনত সুমন নামৰ চৰিত্ৰটোত অভিনয় কৰা মনোৰঞ্জন দাসে বিগত বৰ্ষত ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বেষ্ট পাৰ্ফমেন্স বঁটা লাভ কৰিছিল।

উল্লেখযোগ্য যে আয়াৰলেণ্ডৰ ৰাজধানী চহৰ ডাবলিনত যোৱা ২০ ফেব্ৰুৱাৰিৰ পৰা ৩ মাৰ্চলৈকে অনুষ্ঠিত ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত খ্ৰীষ্টিয়ান পেটজল্ড পৰিচালিত জাৰ্মান ছবি ‘ট্ৰেন্জিত’য়ে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।