NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন; ৰিপুন বৰাৰ স্থানত কোন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2019 8:29 am
Assam Govt. has failed in tackling coronavirus: Congress

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা ৰিপুন বৰাক অপসাৰণৰ বাবে সাজু হৈছে কংগ্ৰেছ হাই কামাণ্ড।

বিধানসভাৰ উপনিৰ্বাচনৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নতুন সভাপতি নিযুক্তি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আনহাতে, অসম প্ৰদেশ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন বৰা, লোক সভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নাম ইতিমধ্যে সভাপতি পদৰ বাবে দলৰ ভিতৰচৰাত উচ্চাৰিত হোৱা বুলি জানিব পৰা গৈছে।

কিন্তু দলৰ ভিতৰ চৰাৰ ৰাজনীতি আৰু বিভিন্ন পক্ষৰ চাপৰ বাবে সভাপতি নিৰ্বাচনৰ পথ ভবা ধৰণে সহজ নহ’ব বুলি অনুমান কৰা গৈছে।

জানিব পৰা মতে, কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙে বিজেপিত যোগদান কৰাক লৈ কংগ্ৰেছ হাই কামাণ্ড অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলৰ ওপৰত অসন্তুষ্ট।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীয়ে দলৰ নেতা সকলক ঐক্যমতেৰে জনসাধাৰণক সম্বোধন কৰিবলৈ দিয়া নিৰ্দেশৰ পাছতো বিভিন্ন জনে বিভিন্ন মত দাঙি ধৰাক লৈ কংগ্ৰেছ হাইকামাণ্ড সন্তুষ্ট নহয়।

দলৰ ভিতৰচৰাৰ পৰা লাভ কৰা খবৰ অনুসৰি বৰ্তমানৰ সভাপতি ৰিপুন বৰাক ৰাহুল গান্ধীৰ ফৈদে সমৰ্থন কৰাৰ বিপৰীতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আহমদ পেটেলৰ পচন্দ প্ৰদ্যুত বৰদলৈ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মতামত গুৰুত্বপূৰ্ণ হ’ব।

ইতিমধ্যে সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি অসম কংগ্ৰেছৰ বিভিন্ন নেতাই দিল্লীত কুচকাৱাজ আৰাম্ভ কৰিছে।

প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ দ্বিজেন শৰ্মাৰ নেতৃত্বত এটা দলে নতুন দিল্লীত কংগ্ৰেছ সভাপতিৰ সাক্ষাৎ লাভৰ বাবে বাহৰ পাতি আছে।

তদুপৰি, চাহ জনগোষ্ঠীৰ কেইগৰাকীমান বিধায়কে দেৱব্ৰত শইকীয়াক সভাপতি হিচাপে বিচাৰি অতিশীঘ্ৰে নতুন দিল্লীলৈ ৰাওনা হ’ব বুলি খবৰ লাভ কৰা গৈছে।