NORTHEAST NOW (Assamese)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত ৰিপুন বৰাৰ

May 27, 2019 9:03 am · এন ই নাও নিউজ

অচিৰেই হয়তো সলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। এইবাৰৰ সাধাৰণ নিৰ্বাচনত দেশৰ লগতে অসমত কংগ্ৰেছ দলৰ হতাশাজনক ফলাফলৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছে ৰিপুন বৰাই।

বৰাই ইতিমধ্যে ৰাজ্যিক সভপতিৰ দায়িত্বৰ পৰা অব্যাহতিৰ অনুমতি বিচাৰি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ বাবে সভাপতি হিচাপে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰত ৰিপুন বৰাই কয়, ‘অসমত কংগ্ৰেছৰ এই দুখলগা পৰাজয়ৰ কাৰণ যিয়ে নহওক কিয় ,মোৰ বিবেকে মোক এ পি চি চিৰ সভাপতিৰ পদত থাকিবলৈ অনুমতি নিদিয়ে।‘

উল্লেখযোগ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কিছুদিন পূৰ্বে অসমৰ ১৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অসমত ৰিপুন বৰাৰ ভাৱমূৰ্তি অতি বেয়া বুলি উল্লেখ কৰি শীঘ্ৰে বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ দাবীত ৰাহুল গান্ধীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

Related News