NORTHEAST NOW (Assamese)
অসম

“হিমন্তই চীনৰ পৰা অনা পি পি ই কিট ক’ত হৰলুকি হ’ল?” উভতি ধৰিলে ৰিপুন বৰাই

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 19, 2021 6:16 pm
a ripu

সমগ্ৰ দেশজুৰি ক’ৰনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  চীনৰ পৰা আমদানি কৰি অনা পি পি ই কিটৰ কথা সোঁৱৰালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

সোমবাৰে সংবাদ মাধ্যমৰ আগত বৰাই  এনেদৰে প্ৰশ্ন কৰে “হিমন্তই চীনৰ পৰা অনা পি পি ই কিট ক’ত হৰলুকি হ’ল?কোভিডৰ সময়ত ৰাইজ আৰু বিধায়কে দিয়া দৰমহাৰ ধন  ক’ত খৰছ কৰিলে তাৰো উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব।হিমন্ত বিশ্ব শৰ্মাৰ মিছা মতা স্বভাৱ আছে।কোভিডৰ সময়ত কোনটো আন্তঃগাঁথনি কৰি দেখুৱালে এই সকলো প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব’।

আনহাতে পশ্চিমবংগত নিৰ্বাচনী সভাৰ কথা উল্লেখ কৰি  ৰিপুন বৰাই কয়”ক’ৰনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে বাতিল কৰিলে সভা, মোদী/শ্বাহে কিয় নোৱাৰিলে?তেওঁলোকে নিৰ্বাচনী সভা পাতিছে, কিন্তু ক’ৰনাৰ যি ভয়াৱহতা তাৰ প্ৰতি তেওঁলোকে দায়িত্ব লব নে’?

“বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থত মানুহৰ জীৱনক লৈ যি হেতালি খেলিছে  তাক আমি ধিক্কাৰ দিছোঁ”,বিজেপিক কটাক্ষ কৰি ৰিপুন বৰাই কয়।