NORTHEAST NOW (Assamese)

দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰ নিজৰ ফটো শ্বেয়াৰ কৰিলে ঋষভে; হাতত ক্ৰাচ, ভৰিত বেণ্ডেজ…

February 11, 2023 8:52 am · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত অনুৰাগীসকলে তেওঁক দেখা পালে। তেওঁলোকে দেখিলে ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছত তেওঁ কিমান আৰোগ্য হৈ উঠিছে। ঋষভ পন্টে শুকুৰবাৰে গাড়ী দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ প্ৰথমখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে  সন্ধিয়া প্ৰায় ৬:৩০ বজাত তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টত দুখন ফটো পোষ্ট কৰে। তাত দেখা গৈছে যে তেওঁ মুকলি চাদত ক্ৰাচৰ ওপৰত ভৰ দি খোজ কাঢ়ি আছে। সোঁ ভৰিত ডাঠ বেণ্ডেজ। সেই ভৰিৰ পতা এতিয়াও ফুলি আছে। ভৰি মাটিত পৰা নাই। তেওঁ সেই ভৰিৰে চেণ্ডেলো পিন্ধিব পৰা নাই। বাওঁ ভৰিত হাৱাই চেণ্ডেল।

বগা টি-চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি তেওঁ মুকলি আকাশৰ তলত খোজ কাঢ়ি আছে। তেওঁৰ সোঁ হাতৰ কিলাকুটিতো বেণ্ডেজ আছে। বুজা গৈছে যে অস্ত্ৰোপচাৰৰ পিছত বহুখিনি সুস্থ হ’লেও পণ্টে সম্পূৰ্ণ ফিট হৈ খেলপথাৰলৈ উভতি আহিবলৈ যথেষ্ট সময় ল’ব।

পণ্টে ছবিখনৰ কেপচনত লিখিছে, “সন্মুখৰ পিনে আৰু এখোজ। আৰু শক্তিশালী হৈ উঠিছো। সুস্থ হোৱাৰ পথত আৰু এখোজ।”এনেদৰেই পণ্টে নিজকে অনুপ্ৰাণিত কৰি আছে।

ইয়াৰ আগতে বুধবাৰে পণ্টে এখন ফটো পোষ্ট কৰিছিল। দেখা গৈছিল যে তেওঁ চিকিৎসালয়ৰ চাৰিবেৰৰ পৰা ওলাই আহিছে। তেওঁ লিখিছিল, “কেতিয়াও অনুভৱ কৰা নাছিলো যে চাৰিখন দেৱালৰ বাহিৰত বহি সতেজ বতাহত উশাহ ল’বলৈ সক্ষম হোৱাটো ইমান আনন্দদায়ক।‘’ এইবাৰ, তেওঁ তেওঁৰ বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ এখন ছবি ৰাজহুৱা কৰিলে।

উল্লেখ্য যে যোৱা ৩০ ডিচেম্বৰৰ পুৱতি নিশা ৰাজপথত গাড়ী চলাই থাকোতে পণ্ট দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ জ্বলন্ত গাড়ীখনৰ পৰা নামি আহি কেনেবাকৈ প্ৰাণ বচাইছিল। ভাৰতীয় উইকেট-কীপাৰজনৰ ডেৰাডুনৰ এখন চিকিৎসালয়ত আৰু তাৰ পিছত মুম্বাইত অস্ত্ৰোপচাৰ কৰা হয়। তেওঁ এতিয়াও মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে। হয়তো তেওঁক সোনকালে ৰিলিজ দিয়া হ’ব পাৰে।

Related News