NORTHEAST NOW (Assamese)

গোলন্দী নদীৰ বাঢ়নি পানীৰ তলত ওদালগুৰিৰ পাঁচখনতকৈ অধিক গাঁও

August 21, 2018 8:56 am · চাজিদ খান

বিগত কিছুদিন ধৰি ভাৰত-ভূটান সীমান্ত অঞ্চল আৰু অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ বাবে জীয়া ধনশিৰি নদীৰ উপনদী গোলন্দীৰ পানী অভাৱনীয় হাৰত বৃদ্ধি পোৱাত ওদালগুৰি জিলাৰ নামনি অঞ্চলৰ কিছু কিছু ঠাইত বানে বিভিষিকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

গোলন্দীৰ বাঢ়নি পানীয়ে ওদালগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বটাবাৰী, কাঁহীবাৰী, পুৰণি থানা, কঠালগুৰি আৰু দাংদুপুৰ গাঁৱৰ বিস্তীৰ্ণ অঞ্চলৰ খেতি-পথাৰ বুৰাই পেলোৱাত এতিয়া হাহকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কৃষকৰ মাজত।

ইফালে জানিব পৰা মতে সোমবাৰে পুৰণি থানা গাঁৱৰ নিবাসী আনন্দী চৌধুৰী(৫০) নামৰ মহিলা এগৰাকীক গোলন্দীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যোৱাত অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা অনুসন্ধান চলাই আছে যদিও মহিলাগৰাকীৰ সন্ধান এই পৰ্যন্ত উলিয়াব পৰা নাই বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি গাঁৱৰ বাসিন্দাই অভিযোগ কৰি কয় যে চাৰি মাহ পূৰ্বে নিৰ্মাণ কৰা গোলন্দী নদীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে সেয়ে এইদৰে পুনৰ মথাউৰিটো ছিগাত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও জলমগ্ন হ’বলগীয়া হৈছে।

Related News