NORTHEAST NOW (Assamese)
অসম

ঋত্বিক ঘটকৰ চিনেমাক বিজেপিৰ যুৱ মৰ্চাই অপব্যৱহাৰ কৰাৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2019 8:59 pm
ritwik-ghatak-story,-fb_647_020616024848

বিখ্যাত চিনেমা নিৰ্মাতা ঋত্বিক ঘটকৰ চিনেমাক বিজেপিৰ যুৱ মৰ্চাই অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে ঘটকৰ পৰিয়ালে।

ভাৰতীয় জনতা যুৱ মৰ্চা নামৰ বিজেপিৰ ভাতৃ সংগঠনটোৱে বিতৰ্কিত আৰু বৈষম্যমূলক নাগৰিকত্ব (সংশোধন) আইন আৰু NRC-ৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ বিখ্যাত চিনেমা নিৰ্মাতাজনৰ সৃষ্টিক বিকৃত ৰূপত ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰি পৰিয়ালৰ বহুকেইজন লোকে স্বাক্ষৰ কৰি এটা বিবৃতি প্ৰকাশ কৰিছে।

“আমি স্বৰ্গীয় ঋত্বিক কুমাৰ ঘটকৰ পৰিয়ালৰ তলত স্বাক্ষৰকাৰীসকলে তেওঁৰ ৰাজনীতি আৰু তেওঁৰ চিনেমাক ভাৰতীয় জনতা যুৱ মৰ্চাই বিতৰ্কিত আৰু বৈষম্যমূলক এন আৰ চি আৰু নাগৰিকত্ব সংশোধন আইনক সুৰক্ষা দিবলৈ ব্যৱহাৰ কৰাটোক কঠোৰভাৱে গৰিহণা দিছো”, বিবৃতিটোত কোৱা হয়।

Ritwik Ghatak Family members objection
ঋত্বিক ঘটকৰ চিনেমাক বিজেপিৰ যুৱ মৰ্চাই অপব্যৱহাৰ কৰাৰ অভিযোগ কৰি দিয়া বিবৃতিটো।

বিবৃতিটোত আৰু কোৱা হয়, “ঘটকৰ চিনেমাবোৰত ৰাজনৈতিক ঘটনা আৰু সামাজিক অস্থিৰতাৰ বলি হৈ স্থানচ্যুত আৰু উপান্ত হৈ পৰা লোকসকলৰ প্ৰতি তেওঁৰ গভীৰ সহমৰ্মিতাৰ প্ৰতিফলন ঘটিছে। তেওঁ হাড়ে-হিমেজুৱে ধৰ্ম নিৰপেক্ষ আছিল, তেওঁক যিসকলে জানে সকলোৱেই এই কথা ক’ব আৰু তেওঁৰ লেখা আৰু চিনেমাবোৰ তাৰ প্ৰমাণ”।

স্বাক্ষৰকাৰীসকলে তেওঁৰ কথা-কামবোৰৰ ভুলকৈ উপস্থাপনক জৰুৰীভাৱে আৰু তৎকালেই কাৰ্য্যকৰী হোৱাকৈ আঁতৰাবলৈ দাবী কৰিছে।

“প্ৰসংগৰ পৰা বিচ্ছিন্ন কৰি তেওঁৰ চিনেমাৰ কোনো এটা অংশ দেশৰ প্ৰতিজন নাগৰিকক তেওঁলোকৰ নাগৰিকত্ব পুনৰ প্ৰমাণ কৰিবলৈ বাধ্য কৰা আৰু এটা বিশেষ সম্প্ৰদায়ৰ লাখ লাখ লোকক ৰাষ্ট্ৰবিহীন কৰা আইনক যুক্তিযুক্ত প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰাটো আমি অগ্ৰহণযোগ্য বুলি ভাবিছো। ই তেওঁৰ মূল নীতিক উলংঘা কৰিছে”, মুঠ ২৪ লোকৰ নাম থকা বিবৃতিটোত কোৱা হয়।

সত্যজিৎ ৰায়ৰ সমসাময়িক ঘটকৰ চিনেমাই সমাজ জীৱনৰ বিভিন্ন ঘটনাৱলী আৰু সেইবোৰৰ ভিন্ন কোণক মৰ্মস্পৰ্শী ৰূপত তুলি ধৰিছিল। তেওঁৰ চিনেমাত দেশ বিভাজনৰ কৰুণ পৰিণতিবোৰৰ টুকুৰা ছবি পোৱা যায়। ১৯২৫ চনত জন্ম হোৱা খ্যাতিমান বাঙালীজনৰ মৃত্যু হৈছিল ১৯৭৬ চনৰ ৬ ফেব্ৰুৱাৰিত।