NORTHEAST NOW (Assamese)
অসম

ৰিয়ান পৰাগৰ বিস্ফোৰক চেঞ্চুৰী; দুয়োটা ইনিংছত অৰ্জন দৰ্শনীয় শতৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2019 6:00 pm
riyan-parag-assam-cricketer-696x464

আই পি এলৰ দৰ্শনীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি ঘৰুৱা ক্ৰিকেটত শনিবাৰে অনুষ্ঠিত হোৱা এখন খেলত বিস্ফোৰক শতৰাণ অৰ্জন কৰে অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে।

গুৱাহাটী আৰু গোলাঘাটৰ মাজত জজ খেলপথাৰত অনুষ্ঠিত হোৱা নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুৱাহাটীয়ে প্ৰথমে বেট ধৰি ৰিয়ান পৰাগৰ বিস্ফোৰক শতৰাণ আৰু গকুল শৰ্মাৰ শতৰাণৰ সহায়ত বৃহৎ ৩৬৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

তৰুণ বেটছমেন ৰিয়ানে মাত্ৰ ৮৯ টা বলত ২২ টা চাৰি আৰু এটা ছয়েৰে ১১১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে গকুল শৰ্মাই ১৮৯ টা বলত ২২ টা চাৰিৰে সংগ্ৰহ কৰে ১৪০ ৰাণ।

গোলাঘাটৰ হৈ বলিঙত আদৰ্শ শইকীয়াই চাৰিটা, বিক্ৰম ৰাৱাট আৰু হৰি প্ৰসাদে ক্ৰমে দুটাকৈ উইকেট দখল কৰে।

আনহাতে, গুৱাহাটীৰহৈ দ্বিতীয় ইনিংছতো শতৰাণ অৰ্জন কৰে ৰিয়ান পৰাগে। ৰিয়ানে দ্বিতীয় ইনিংছতো ১১৪ ৰাণৰ শতকীয় ইনিংছ উপহাৰ দিয়ে দলক।

উল্লেখযোগ্য যে, আই পি এল সমাপ্ত কৰি আহিয়ে ৰিয়ানে কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত এখন স্কুল টুৰ্ণামেণ্টত বিস্ফোৰক শতৰাণ অৰ্জন কৰিছিল।