NORTHEAST NOW (Assamese)
অসম

হাজোত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো January 5, 2022 6:05 pm

হাজোৰ আধিয়াৰপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিযন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰি দ’ খাৱৈত বাগৰি পৰিল দুই বাইক আৰোহী।

এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন বাইক আৰোহী।

লগতে আন এজন বাইক আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ AS01-EU-1372 ।

থিতাতে নিহত বাইক আৰোহী জনৰ নামৰ চামছুল আলী (ধন আলী) বুলি জানিব পৰা গৈছে।

আনহাতে আহতজনৰ নাম নুৰুল ইছলাম। দুয়োজনৰে ঘৰ হাজোৰ বৰ্ণিত।

দুই বাইক আৰোহীয়ে হাজোৰ বৰ্ণিৰ দিশৰ পৰা কলিতাকুছি অভিমুখে আহি থকা অৱস্থাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী। যদিও এই পৰ্যন্ত দ’ খাৱৈটোৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই মটৰ চাইকেলখন।