NORTHEAST NOW (Assamese)
অসম

লাংটিঙত ব্ৰয়লাৰ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত; এজন লোক নিহত

Posted by: পংকজ কুমাৰ দেৱ Updated by: পংকজ কুমাৰ দেৱ August 3, 2020 7:35 pm

পাহাৰীয়া ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত লাংটিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি নগাঁৱৰ পৰা শিলচৰ অভিমুখে যোৱা এখন ব্ৰয়লাৰ মুৰ্গী কঢ়িয়াই নিয়া টাটা ডি আই গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় গাড়ীখনৰ সহকাৰী চালক লক্ষীধৰ দাস (২৬)। যুৱকজনৰ ঘৰ নগাঁৱৰ পুৰণিগুদামত বুলি জানিব পৰা গৈছো।

দুৰ্ঘটনাটো সংঘটিত হয় লাংটিং আৰু দিহাখুৰ মাজৰ লাইলিং নামৰ গাঁৱৰ ওচৰত।

ঘটনা সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় লাংটিং আৰক্ষীৰ দল। আৰক্ষীৰ তথ্য অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীৰ নম্বৰ এ এছ ০২ চি চি ২৯১৪।

উল্লেখ্য যে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিদ’ৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ লামডিঙৰ পৰা মাইবাঙলৈ সম্পন্ন হোৱাৰ পাছত সৰু ডাঙৰ যান-বাহন চলাচলৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। ঠিক একেদৰে যান-বাহনো তীব্ৰ বেগত চলিব ধৰে। যাৰ বাবে নিয়মীয়াকৈ দুৰ্ঘটনা হ’বলৈ আৰম্ভ হৈছে।