NORTHEAST NOW (Assamese)

চামগুৰিত ট্ৰাক-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত শিশুসহ দুজন নিহত, ১৫জনতকৈ অধিক আহত

June 16, 2019 11:32 am · ভাৰ্গব হাজৰিকা

নগাঁৱৰ চামগুৰিৰ গটঙাত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাক আৰু এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত লগা মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখনৰ চালকসহ এটি শিশু থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ১৫জনতকৈ অধিক লোক।

দুৰ্ঘটনাটোত নিহত ট্ৰেভেলাৰৰ চালকগৰাকীক চামগুৰিৰ শিঙীয়াৰ সুৰেণ মজুমদাৰ আৰু শিশুটিক মুজ্জামিল বুলি চিনাক্ত কৰা হৈছে। আনহাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে দুৰ্ঘটনাত পতিত হোৱা এ এছ ০৩ বি চি ১০৪১ নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ আগৰ কাঠ। চোৰাংভাবে আগৰ কাঠ সৰবৰাহ কৰা ট্ৰাকখন তীব্ৰ বেগেৰে অহাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।

উল্লেখযোগ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা আৰু পথ নিৰ্মাণকাৰী সংস্থা টি কে কোম্পানীৰ লেহেমীয়া গতিৰ বাবে চামগুৰি অঞ্চলত এতিয়া প্ৰায় প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি কৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

Related News