NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা; কথমপি ৰক্ষা পৰিল দৰা-কইনা

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 26, 2019 6:05 pm

শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দিনৰ প্ৰায় ১০:৩০ বজাত এখন বলেৰ’ আৰু এখন পিকআপ ভানৰ মাজত লগা মুখামুখি সংঘৰ্ষত দৰা কইনাসহ কেইবাজনো ব্যক্তি আহত হয়।

ঘটনা অনুসৰি মুকেশ প্ৰসাদ নামৰ ব্যক্তিজনে গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা কইনা লৈ তিনিচুকীয়ালৈ উভতি আহি  থকা অৱস্থাত শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী অঞ্চলত বিপৰীত দিশৰ পৰা পেণ্ডেলৰ সামগ্ৰী কঢ়িয়াই অনা এখন পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে।

জানিব পৰা মতে বলেৰ’খনৰ টায়াৰ ফুটাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পিকআপ ভানখনত তীব্ৰ জোৰত খুন্দা মাৰে। দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দৰা কইনাসহ দুয়োখন গাড়ীৰ আৰোহীক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহতসকল বৰ্তমান বিপদমুক্ত বুলি জানিৱ পৰা গৈছে।