NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সুৰামত্ত ডাম্পাৰ চালকৰ দৌৰাত্ম্য অব্যাহত; ডাম্পাৰৰ খুন্দাত নিহত এগৰাকী মহিলা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 3, 2020 4:01 pm
Sivasar Accident story

শিৱসাগৰ জিলাৰ মেটেকাত আজি ৰাতিপুৱা ডাম্পাৰৰ খুন্দাত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাবতিবলগীয়া হয়।

দুৰ্ঘটনাত নিহত মহিলা গৰাকী মেটেকা ডেকা বুঢ়া চুকৰ থানেশ্বৰ বৰাৰ পত্নী অনিমা বৰা(৪৫) বুলি চিনাক্ত কৰা হৈছে।

এমাহ পূৰ্বে মহিলাগৰাকীৰ শাহু আৰু শহুৰৰ মৃত্যু ঘটিছিল। মৃত শহুৰ আৰু শাহুৰ মৃত্যুৰ প্ৰমাণপত্ৰ আনিবলৈ আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতেই মেটেকাৰ সাতৰ আলিত মহিলা গৰাকীক এখন ডাম্পাৰে প্ৰচণ্ড বেগেৰে আহি খুন্দা মৰে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক লগে লগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰে।

আনহাতে, স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰাৰ লগতে ডাম্পাৰ চালক জনক কৰায়ক্ত কৰি আৰক্ষীক চমজাই দিয়ে।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হ’ল এ এছ-০৪ এচি ৭৮৭৫।

প্ৰত্যক্ষদৰ্শীয়ে ডাম্পাৰৰ চালক গৰাকী সুৰামত্ত অৱস্থাত আছিল বুলি উল্লেখ কৰিছে।

ইপিনে, ডাম্পাৰৰ মালিকক  ঘটনাস্থলীত উপস্থিত হবলৈ দাবী জনায় স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে যদিও বৰ্তমানলৈকে উপস্থিত হোৱা নাই বগীদ’ল পাঁচ আলিৰ ডাম্পাৰৰ মালিকজন।