NORTHEAST NOW (Assamese)

চামগুৰিত নৈশবাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ; থিতাতে নিহত এজন

May 29, 2020 3:01 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গটঙাত আজি ট্ৰাক আৰু বাছৰ মাজত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় তিনিমান বজাত তিনিচুকিয়াৰ পৰা গুৱাহাটী অভিমুখী এ আৰ ১১ এ ০০৭২ নম্বৰৰ ৰায়ন নামৰ নৈশবাছখনক উজনিৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ কে চি ৯৯৮২ নম্বৰৰ এখন মিঠাতেল ভৰ্তি ট্ৰাকে গটঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ওপৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত চুপাৰখনৰ চালক সঞ্জয় পাল (৩৭) থিতাতে নিহত হোৱাৰ লগতে চুপাৰখনৰ পৰিচালক নিতুল বৰ্মন (২৭) গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাৰ খবৰ পাই চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত নিতুল বৰ্মনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে নিহত সঞ্জয় পালক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

নিহত সঞ্জয় পালৰ ঘৰ মেঘালয়ৰ চেৰাপুন্জীত বুলি জানিব পৰা গৈছে।

Related News