NORTHEAST NOW (Assamese)
অৰুণাচল

পথৰ শোচনীয় ৰূপ : কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱত ধুবুৰীবাসীৰ ক্ষোভ

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং October 10, 2018 9:54 pm
download

দূৰ্গা পূজালৈকে মাথোঁ কেইদিন মান থকা অৱস্থাত ধুবুৰী চহৰৰ পথসমূহৰ দুৰৱস্থাৰ বাবে ক্ষোভ উজাৰিছে ধুবুৰীবাসীয়ে।

পানী জমা হোৱাৰ ফলত পথত থায়ে থায়ে গাঁত হৈছে কিন্তু পৌৰসভাৰ কৰ্তৃপক্ষ বা গড়কাপ্তানি বিভাগৰ ইয়াৰ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এগৰাকী নিয়মীয়া পথিকে জনাইছে যে ধুবুৰী চহৰৰ ব্যস্ততাপূৰ্ণ এনএছ ৰ’ড, ষ্টেশ্যন ৰ’ড, আৰকে মিশ্যন ৰ’ড, গাড়িখানা ৰ’ড আৰু চেয়াৰমেন ৰ’ডৰ ্ৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। এই পথতেই বহু যান-বাহন চলাচল কৰে।

এগৰাকী স্থানীয় বাসিন্দা এছ পালে জনাইছে যে ৬ মাহ পূৰ্বে ধুবুৰীৰ বিধায়ক নজৰুল হকে আয়কৰ বিভাগৰ কাৰ্যালয়ৰ পৰা যোগমায়া ঘাটলৈকে এই পথচোৱাৰ হৰিসভাৰ ওচৰৰ শিৱ মন্দিৰৰ ওচৰত একেৰাবে জৰাজীৰ্ণ হৈ পৰিছে।

তেওঁ আৰু জনাইছে যে ধুবুৰী পৌৰ পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ উপস্থিতিত ০২/০৪/২০১৮ তাৰিখে ৮,০০,০০০ টকা ব্যয়সাপেক্ষ মেৰামতি প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিছিল যদিও উক্ত পথচোৱা মেৰামতি কৰাৰ কাম আগবঢ়া নাই।