NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ ৰঙাগড়াত দিন-দুপৰতে চোৰৰ উপদ্ৰৱ; দৰ্জা ভাঙি লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা February 17, 2020 6:30 pm
Samaguri News

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলত সোমাবাৰে দিনদুপৰতে দুটাকৈ গৃহত চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে,  চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলৰ যুক্তি বৰুৱা আৰু নিৰোধ কুমাৰ বৰা নামৰ দুগৰাকী লোকৰ ঘৰত সোমবাৰে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দিনৰ প্ৰায় ১০.৩০ মান বজাত এটা চোৰৰ দলে প্ৰৱেশ কৰি আ-অলংকাৰৰ লগতে নগদ ধন লুটি নিয়ে।

যুক্তি বৰুৱা নামৰ লোকজনৰ ঘৰৰ পিছফালৰ খিৰিকী ভাঙি সোণৰ গহনাৰ লগতে নগদ প্ৰায় ১০ হাজাৰ টকা চোৰ কৰি নিয়াৰ লগতে  সমীপতে থকা নিৰোধ কুমাৰ বৰাৰ ঘৰৰ পিছফালৰ দৰ্জা ভাঙি প্ৰায় পাচ তোলা সোণ-ৰূপৰ গহনাৰ লগতে নগদ প্ৰায় ৩০ হাজাৰ টকা লুটি নিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম  হোৱা নাই বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে শীঘ্ৰেই চোৰৰ লগটোক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে অঞ্চলটোত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনায়।