NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ল প্ৰয়াত ৰাষ্ট্ৰপতিৰ ভতিজা কেনেডি জুনিয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2023 4:59 pm

আমেৰিকাৰ প্ৰয়াত ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ ভতিজা তথা আমেৰিকাৰ প্ৰাক্তন এটৰ্নী জেনেৰেল ৰবাৰ্ট এফ কেনেডীৰ পুত্ৰ ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে অহা বছৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ বাবে মনোনয়ন দাখিল কৰিব।

ইতিমধ্যে জনা গৈছে যে তেওঁ ফেডাৰেল নিৰ্বাচন আয়োগত প্ৰয়োজনীয় আবেদন সম্পূৰ্ণ কৰিছে।

কেনেডি জুনিয়ৰে পৰিৱেশ উকীল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ তেওঁ টিকাকৰণ বিৰোধী সংস্থা শিশু স্বাস্থ্য প্ৰতিৰক্ষাৰ নেতৃত্বলৈ আহিছিল।

কৰ’না কালত টিকাকৰণৰ বিশেষ প্ৰয়োজনীয়তাক লৈ তেওঁ বাৰে বাৰে সৰৱ হৈছিল। আনকি কেনেডি জুনিয়ৰে হোৱাইট হাউছৰ মুখ্য সংক্ৰামক ৰোগ উপদেষ্টা এণ্টনি ফ’চিক আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

মন কৰিবলগীয়া যে ডেম’ক্ৰেটিক পাৰ্টিৰ মনোনয়নৰ বাবে দুটা নাম ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছে। কেনেডি জুনিয়ৰৰ বাহিৰে আনটো হৈছে লেখিকা মেৰিয়ান উইলিয়ামছন। অৰ্থাৎ ৰাষ্ট্ৰপতি বাইডেন যদি পুনৰ প্ৰাৰ্থী হয়, তেন্তে এই দুজনৰ সৈতে তেওঁ দলীয় প্ৰাৰ্থী বাছনি নিৰ্বাচনত অংশ ল’ব লাগিব।