NORTHEAST NOW (Assamese)

ৰোহিত শৰ্মাৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনোনীত

August 18, 2020 7:08 pm · এন ই নাও নিউজ
Updated: August 18, 2020 7:11 pm
ৰোহিত শৰ্মা। ফটো উৎস-ইণ্টাৰনেট

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন  ৰোহিত শৰ্মা আৰু অলিম্পিয়ান মল্লযোদ্ধা বিনেশ কুমাৰকে ধৰি চাৰি গৰাকী ক্ৰীড়াবিদৰ নাম ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্বাচক সমিতিয়ে চলিত বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।

ৰোহিত শর্মা আৰু বিনেশ কুমাৰৰ উপৰিও টেবল টেনিছ খেলুৱৈ মনিকা বাট্ৰা আৰু পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী লং জাম্পাৰ মাৰিয়াপ্পান থাংগাভেলুৰ নামো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচক সমিতিয়ে নিৰ্বাচন কৰিছে।

ক্ৰীড়া মন্ত্ৰ্যালয়ৰ ১২ গৰাকী নিৰ্বাচক সমিতিয়ে খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত খেলুৱৈ সকলৰ নাম নিৰ্বাচন কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন ৰোহিত শৰ্মা ভাৰতীয় এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে থকাৰ লগতে আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব প্ৰদান কৰি আছে।

Related News