NORTHEAST NOW (Assamese)
Popular Stories

আজি ভংগ হ’ব বিৰাট কোহলীৰ নামত থকা এক বিশ্ব ৰেকৰ্ড!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2019 6:55 pm
Virat Kohli

‘হিটমেন’ ৰেহিত শৰ্মাৰ বাবে এক সুৱৰ্ণ সুযোগ। বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাই আজিৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ’ব লগীয়া টি-২০ শৃংখলাত পুনৰ এক অনবদ্য ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ সুযোগ লাভ কৰিছে।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক চাৰিটা শতক অৰ্জন কৰা ৰোহিতে আজিৰ মেচখনত ৮ ৰান কৰিলেই তেওঁৰ নামত লিপিবদ্ধ হ’ব আন এক ৰেকৰ্ড।

সম্প্ৰতি টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ শীৰ্ষত আছে বিৰাট কোহলী। ৩০ বছৰীয়া কোহলীয়ে ৭১খন খেলত ২৪৫০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ২২টা অৰ্ধ শতক।

ইফালে বিৰাট কোহলীক পিছ পেলাবলৈ ৰোহিতক ৮ৰানৰ প্ৰয়োজন। ৩২ বছৰীয়া ৰোহিতে ৯৮ খন মেচত ২৪৪৩ ৰান সংগ্ৰহ কৰিছে। য’ত আছে চাৰিটা শতক আৰু ১৭টা অৰ্ধশতক।

ইফালে ২৩২৬ ৰানৰ সহায়ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ বিস্ফোৰক অপেনিং বেটছমেন মাৰ্টিন গুপটিল। চতুৰ্থ স্থানত আছে পাকিস্তানৰ ছোৱেইব মালিক।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰান সংগ্ৰহকাৰীৰ তালিকাৰ শীৰ্ষত আছে ভাৰতীয় ক্ৰিকেটাৰ। টেষ্ট আৰু এদিনীয়াত শচীন টেণ্ডুলকাৰ আৰু টি-২০ ক্ৰিকেটত বিৰাট কোহলীৰ নামত আছে সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ৰেকৰ্ড।