NORTHEAST NOW (Assamese)

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ পৰা বাহিৰ ৰোহিত শৰ্মা; দললৈ আমন্ত্ৰণ নতুন যুৱ তাৰকাক

December 13, 2021 8:35 pm · এন ই নাও নিউজ, গুৱাহাটী

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় শিবিৰত লাগিছে এক মোক্ষম আঘাত। আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাত ভাগ ল’বলগীয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ৰোহিত শৰ্মাৰ আঘাতৰ বিষয়ে ঘোষণা কৰাৰ লগতে তেওঁৰ স্থানত দলত স্থান দিয়া খেলুৱৈৰ নামো ঘোষণা কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে ভাৰতীয় টেষ্ট দলৰ নতুন সহ- অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নাম ঘোষণা কৰা হৈছিল। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে মুম্বাইত অনুশীলনৰত অৱস্থাতে আঘাতপ্ৰাপ্ত হয় ৰোহিত শৰ্মা।

বিচিচিআইৰ এক টুইট অনুসৰি দেওবাৰে অনুশীলনৰ সময়ত ৰোহিত শৰ্মা হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। চিকিৎসা দলৰ পৰামৰ্শ অনুসৰি তেওঁ বৰ্তমানৰ বাবে বিশ্ৰাম ল’ব লাগিব। আৰু সেয়ে তেওঁ দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট দলত নাথাকিব।

 

বিচিচিআই- এ ৰোহিত শৰ্মাৰ পৰিৱৰ্তে প্ৰিয়াংক পাঞ্চালৰ নাম ঘোষণা কৰিছে। উল্লেখ্য যে প্ৰিয়াংক বৰ্তমান ভাৰতীয় এ দলৰ অধিনায়ক আৰু বৰ্তমান দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাতে আছে।

Related News