NORTHEAST NOW (Assamese)
Popular Stories

ছিডনী ক্ৰিকেট ষ্টেডিয়ামত ৰোহিত-কোহলীৰ বেটিং বিক্ৰম! দিশহাৰা কেংগাৰুবাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 3:54 pm

আজি ছিডনী ক্ৰিকেট ষ্টেডিয়ামত ৰোহিত শৰ্মাই নিজৰ ৩৩ সংখ্যক এদিনীয়া শতৰাণ সংগ্ৰহ কৰে। ৰোহিতৰ শতকে ২৫ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত ভাৰতক জয়ৰ দিশত আগুৱাই লৈ যায় ইফালে বিৰাট কোহলীয়ে কুমাৰ সাংগাকাৰাৰ ১৪,২৩৪ ৰান অতিক্ৰম কৰি  শচীন টেণ্ডুলকাৰৰ পিছতে ১৪,২৩৫ ৰান সংগ্ৰহ কৰি এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক এদিনীয়া স্কৰাৰ হিচাপে পৰিগণিত হয়।

প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ ইনিংছ ৪৬.৪ অভাৰত ২৩৬ ৰানত স্তব্ধ হয়। ভাৰতৰ বিৰুদ্ধে মিচেল মাৰ্ছ (৪১) আৰু ট্ৰেভিছ হেডৰ মাজত ৬১ ৰানৰ আশাব্যঞ্জক অংশীদাৰিত্ব স্তব্ধ হৈ পৰে। অভিষেক ঘটোৱা হৰ্ষিত ৰাণাই ৪ টা উইকেট দখল কৰে। স্পিনাৰ অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰে মিডল অৰ্ডাৰক স্তব্ধ কৰাৰ বিপৰীতে কুলদীপ যাদৱে ১টা উইকেট সংগ্ৰহ কৰে।

ইয়াৰ পাছতে ভাৰতে ১টা উইকেট হেৰুৱাই ৬৯টা বল বাকী থাকোতেই ২৩৭ ৰানৰ লক্ষ্যত উপনীত হয়। ৰোহিত শৰ্মাই অপৰাজেয় ১২১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে অপৰাজেয় ৭৪ ৰানৰ বৰঙণি আগবঢ়ায়।