NORTHEAST NOW (Assamese)
অসম

অযোধ্যা বিবাদৰ ৰায়দানৰ পূৰ্বে মুখ্য ন্যায়াধীশ গগৈৰ ভূমিকাক লৈ প্ৰশ্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2019 4:58 pm
How can you expect people to have faith in your governance amidst this chaos? Asks CJI Gogoi

প্ৰায় চাৰি দশকজোৰা অযোধ্যাৰ ভূমি বিবাদৰ ৰায়দানৰ প্ৰাক মুহূৰ্তত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ভূমিকাক লৈ সহস্ৰজনে প্ৰশ্ন উত্থাপন কৰিছে।

বিশেষকৈ ছ’চিয়েল মিডিয়া টুইটাৰত মুখ্য ন্যায়াধীশজনে উত্তৰ প্ৰদেশৰ মুখ্য সচিব ৰাজেন্দ্ৰ কুমাৰ তিৱাৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান অ’ পি সিঙক মাতি বৈঠক কৰাটোক কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে।

গগৈয়ে আজি উত্তৰ প্ৰদেশৰ (এই বিবদমান ভূমিখণ্ড থকা প্ৰদেশ) মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক মাতি পঠিয়াইছিল। মুখ্য ন্যায়াধীশজনে তেওঁলোকৰ লগত ৰাজ্যখনত ৰায়দান-কালীন আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে পৰ্য্যালোচনা কৰা বুলি বাতৰি প্ৰকাশ হৈছে।

গগৈৰ এই কাণ্ডক বহুতে অৱসৰৰ প্ৰাকমুহূৰ্তৰ চমক বুলি অভিহিত কৰাৰ বিপৰীতে আন বহুতে তেওঁৰ এনে পদক্ষেপৰ সঠিকতা সন্দৰ্ভত প্ৰশ্ন কৰিছে।

দ্দা হিন্দুৰ এই সম্পৰ্কীয় টুইটটোৰ উত্তৰত টুইটাৰ য়ুজাৰ দীপক দেশপাণ্ডেই কৈছে, “ইতিহাস সৃষ্টি কৰিছে। উদ্বেগজনক”।

আন এজন য়ুজাৰ চাহাব জাফ্ৰিৰ মন্তব্য, “ন্যায়পালিকাই চৰকাৰত মূৰ সুমুৱালেগৈ নেকি? এইটো মুখ্য ন্যায়াধীশৰ আওতাৰ বাহিৰত নহয় নে?”

“তাৰ মানে তেওঁ আইন-শৃংখলাজনিত পৰিস্থিতি অনুসৰিহে ৰায়দান কৰিব। বঢ়িয়া!”, তীব্ৰ কটাক্ষ দিনকৰ নামৰ এজনৰ।

মিছ ইণ্ডিয়া এছ বি নামৰ একাউণ্টটোৰ মন্তব্য, কিয় মুখ্য ন্যায়াধীশে আইন-শৃংখলাৰ পৰিস্থিতিৰ মূল্যায়ন কৰিব লগীয়া হৈছে? এইটো ৰাজ্য চৰকাৰখনৰ দায়িত্ব নহয় নে? ক্ষমতাৰ কোনো শ্ৰেণীবিভাজন নথকাৰ দৰে প্ৰতিষ্ঠানবোৰ মিলি গৈছে।।”

“তেওঁ কিয় গৃহ মন্ত্ৰ্যালয়ৰ বিষয়ত মূৰ সুমাইছে?” আন এজনৰ প্ৰশ্ন।

মৌৰ্য্য এম্পায়াৰ বেষ্ট নামৰ একাউণ্টটোৰ কটাক্ষ, “Publicity stunt b4 retirement”.

“শিয়ালক কুকুৰাৰ বাহ ৰখীয়া হ’বলৈ ক’বলৈ লগ কৰাৰ দৰে হৈছে”, অতীৱ চোকা কটাক্ষৰ আন এটা মন্তব্য।

তাতকৈও চোকা বিদ্ৰূপভৰা মন্তব্য কৰিছে কমল নামৰ আন এজনে। তেওঁ কৈছে, “মুখ্য ন্যায়াধীশজন ৰাম মন্দিৰৰ ৰায়দানক লৈ ইমানেই আচ্ছন্ন যে তেওঁ ইয়াৰ বাবে ৰাজপথতো নামিব পাৰে।”

“ন্যায়পালিকা আৰু কাৰ্য্যপালিকাৰ মাজৰ ৰেখাডাল অস্পষ্ট হৈ গৈছে। এইটো দেশত প্ৰথম হৈছে নেকি?” সিদ্ধাৰ্থ দাশগুপ্তা।

নাজম ওচমানি নামৰ এজনে কৈছে, “ভাৰতীয় ন্যায় ব্যৱস্থাটোৰ বাবে এয়া ভাল লক্ষণ নহয়।”

“হাস্যকৰ”, আন এজনৰ এটা শব্দৰ মন্তব্য।

জি এছ ৰাজেশ্বৰ ৰাওৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, “তেওঁ কাশ্মীৰৰ বিষয়াসকলক লৈও কিয় বৈঠক কৰা নাই?”

অহা ১৭ নৱেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে গগৈয়ে অৱসৰ ল’ব আৰু তাৰ আগদিনা পাঁচজনীয়া ন্যায়াধীশৰ এখন বিচাৰপীঠে দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এটা গোচৰ অযোধ্যাৰ ভূমি বিবাদৰ ৰায় দিব, য’ত গগৈও এজন।