NORTHEAST NOW (Assamese)
Popular Stories

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2021 1:18 pm

পৰ্টুগালৰ ষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু আৰ্জেণ্টিনাৰ লিয়’নেল মেছিৰ ভিতৰত কোন শ্ৰেষ্ঠ তাক লৈ ফুটবল মহলত চলি থাকে বিতৰ্ক আৰু চৰ্চা।

এই চৰ্চা চলি থকাৰ মাজতেই পেছাগত ফুটবলত মেছিক অতিক্ৰম কৰি পৰ্টুগালৰ ক্ৰিষ্ট্ৰিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ।

বুধবাৰে ইটালিয়ান ছুপাৰ কাপৰ ফাইনেলত নেপোলিৰ বিৰুদ্ধে ৰ’নাল্ডোৱে এটা গ’ল কৰাৰ লগে লগে তেওঁ পেছাগত ফুটবল ইতিহাসত সৰ্বাধিক গ’ল কৰাৰ অভিলেখ গঢ়ে।

ৰ’নাল্ডোৱে মেচৰ ৬৪ মিনিটত গ’ল কৰি জুভেণ্টাছক অগ্ৰগতি দিয়ে। এই গ’লটো ৰোনাল্ডোৰ পেছাগত ফুটবল কেৰিয়াৰৰ ৭৬০ সংখ্যক গ’ল।

ইয়াৰ পূৰ্বে ৰ’নাল্ডোৱে ৭৫৯টা গ’লৰ সহায়ত অষ্ট্ৰিয়াৰ জোছেফ বিকানৰ সৈতে সমতা স্থাপন কৰি আছিল। বিকানে ৪৫৯খন মেচত ৭৫৯টা গ’ল কৰিছিল।

উল্লেখ্য যে অলপতে মেছিয়ে পেছাগত ফুটবলত এটা নিৰ্দিষ্ট ক্লাবৰ হৈ খেলি ব্ৰাজিলৰ পেলেৰ নামত থকা সৰ্বাধিক গ’লৰ অভিলেখ ভংগ কৰিছিল।

কিন্তু সৰ্বমুঠ গ’ল কৰাৰ ক্ষেত্ৰত ৰ’নাল্ডোতকৈ বহু পৰিমানে পিছ পৰি আছে মেছি। দুয়োজনৰ মাজত ৪১টা গ’লৰ পাৰ্থক্য আছে।

সৰ্বাধিক গ’ল কৰাৰ তালিকাত ৰ’নাল্ডো আৰু বিকানৰ পিছত তৃতীয় স্থানত পেলে(৭৫৭) আৰু চতুৰ্থ স্থানত আছে ৰোমাৰিঅ’(৭৪৩)। ৭১৯টা গ’লৰ সহায়ত মেছি এই তালিকাৰ পঞ্চম স্থানত আছে।

উল্লেখ্য যে বুধবাৰে ইটালিয়ান ছুপাৰ কাপৰ ফাইনেলত নেপোলিক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি অভিলেখ সংখ্যক নৱমবাৰৰ বাবে ট্ৰফি হস্তগত কৰে জুভেণ্টাছে।